ইণ্ডিয়ান অইলে এশিঙীয়া গঁড় সুৰক্ষাৰ বাবে কি পদক্ষেপ ল’লে

0
1184

ইণ্ডিয়ান অইলৰ দৃষ্টিভংগীৰে বা মূলমন্ত্ৰ অনুসৰি ‘বিবেকৱান চিন্তাৰ দ্বাৰা সমাজ জীৱনৰ মানদণ্ড উন্নত কৰাৰ লগতে পৰিৱেশৰ ভাৰসাম্যতা বৰ্তাই ৰখাত সহায় কৰা ‘WWF’-ৰ দ্বাৰা বিলুপ্তিৰ পথত থকা, দুৰ্বল শ্ৰেণীভুক্ত কৰা এশিঙীয়া গঁড়, ইণ্ডিয়ান অইলে সুৰক্ষিত কৰাৰ দিশত কেইবাটাও পদক্ষেপ হাতত লৈছে৷ গঁড় সুৰক্ষাৰ সজাগতাৰ বাবে ইণ্ডিয়ান অইলে বিভিন্ন আলোচনা চক্ৰ, চিত্ৰ অংকন প্ৰতিযোগিতা আদি বিশ্ব গঁড় দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীত অনুষ্ঠিত কৰে৷ অনুষ্ঠানত গছপুলি ৰোপণ, অন্যান্য সামগ্ৰী বিতৰণ আদি কাৰ্যসূচী ৰূপায়ণ হয়৷ ড॰ এছ লক্ষ্মণন, IAS , Secretary industries & commerce and public enterprise department, GoA আৰু অশ্বিনী কুমাৰ, IFS, Divisional Forest Officer, Assam State zoo cum botanical garden দীনেশ বিদ্যাৰ্থী, (CG-LPG], কে মোহন [GM -IB] আৰু উৎপল চৌধুৰী [GM -HR] ৷
বিদ্যাৰ্থীয়ে অসম ৰাজ্যিক চিৰিয়াখানালৈ ২ লাখ টকাৰ বৰঙনি আগবঢ়ায়৷ অসমত বিশ্বৰ ভিতৰতে এশিঙীয়া গঁড়ৰ ঘনত্ব সৰ্বাধিক, কিন্তু অত্যধিক চিকাৰ আৰু কৃষিৰ বিকাশে ইয়াৰ পৰিসৰ যথেষ্ট হ্ৰাস কৰিছে৷ কিন্তু চৰকাৰ আৰু বিভিন্ন সংগঠনৰ দ্বাৰা লোৱা সংৰক্ষণ ব্যৱস্থাৰ বাবে সংখ্যা বৃদ্ধি পাইছে৷ ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যনে স্থানীয় গৌৰৱ এশিঙীয়া গঁড়ক ইয়াৰ ব্ৰেণ্ড মাস্কট হিচাপে ২০২১ চনত প্ৰৱৰ্তন কৰিছে৷ প্ৰকৃত ভাৰতীয় হিচাপে নিজকে পৰিচয় দাঙি ধৰা ইণ্ডিয়ান অইলৰ শুভংকৰ গঁড়ে ভাৰতীয় জনতাৰ সৈতে সু-সম্পৰ্ক গঢ়ি তোলাত সহায় কৰিছে৷ দীনেশ প্ৰসাদ বিদ্যাৰ্থীয়ে বক্তব্য আগবঢ়াই কয়, Indian oil-এ নিজৰ শুভংকৰ হিচাপে স্থান দিয়া ভাৰতীয় গঁড়ক সুৰক্ষাত সহায় কৰিবলৈ আৰু ভাৰতীয় বনাঞ্চলৰ এই মহিমাময় প্ৰজাতিটোৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ নিজকে প্ৰতিশ্ৰুতিবদ্ধ কৰিছে৷ গঁড় সুৰক্ষা আৰু ইয়াৰ পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষাৰ সজাগতা বিয়পাবলৈ বিশ্ব গঁড় দিৱসেই হৈছে উপযুক্ত দিন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here