ৰাজ্যত বাঁহৰ পৰা কিদৰে তেল প্ৰস্তুত কৰা হ’ব ? How will oil be produced from bamboo in state?

0
1297
ফিনলেণ্ডৰ উন্নত প্ৰযুক্তিৰ সহায়ত বাঁহৰ পৰা তেল প্ৰস্তুত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ ভাৰত চৰকাৰৰ পেট্ৰলিয়াম,প্ৰাকৃতিক গেছ আৰু শ্ৰম দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত হৈ এই কথা অৱগত কৰি বাঁহ খেতিয়কসকলক পূৰ্ণোদ্যমে বাঁহ খেতিত মনোনিৱেশ কৰিবলৈ আহবান জনায়৷ তেওঁ লগতে কয় যে অনাগত দিনত বাঁহ খেতিৰ জৰিয়তে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত হ’ব৷ তেওঁ পৰিৱেশ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বাঁহ, আলু আৰু চাউলৰ পৰা তেল প্ৰস্তুত কৰাৰ বাবেও উদ্যোগ গ্ৰহণ কৰাৰ কথা সদৰী কৰে৷ প্ৰদূষণৰ মাত্ৰা নিয়ন্ত্ৰিত কৰাৰ উদ্দেশ্যেৰে আগন্তুক দিনত অসমতো ইলেক্‌ট্ৰিক বাহন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা অৱগত কৰে৷ ইতিমধ্যে অসমত ১২০টা CNG ডিপো খোলাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু অতি শীঘ্ৰে ১০০টা নতুন ডিপ’ৰ বাবে টেণ্ডাৰ মুকলি হ’ব বুলি অৱগত কৰে৷ আনহাতে ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা প্ৰাণীকুলৰ অনিষ্ট সাধন নোহোৱাকৈ আগন্তুক দিনত উন্নত প্ৰযুক্তিৰ সহায়ত তেল খননৰ কাম আৰম্ভ হ’ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here