অভূতপূৰ্ব পদক্ষেপ ! ভেক্‌চিন নল’লে নাপাব চৰকাৰী আঁচনিৰ সুবিধা (Those refusing to get vaccinated will not be given benefits of govt schemes: whose declaration is this?)

0
244
কভিড প্ৰতিষেধক গ্ৰহণৰ বাবে ৰাইজক সজাগ কৰিবলৈ বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূষালে ঘৰে ঘৰে অভিযান আৰম্ভ কৰিছে৷ উপায়ুক্তগৰাকীয়ে বৰপেটাৰোড চহৰৰ উপৰি খৈৰাবাৰী, ডুমুনীচকী আদি অঞ্চল ভ্ৰমণ কৰি বহু পৰিয়ালৰ পদূলিয়ে পদূলিয়ে গৈ কভিড প্ৰতিষেধক লোৱাৰ বাবে বুজনি দিয়ে৷ উপায়ুক্তগৰাকীয়ে কয় যে এই ভেকচিন লোৱাৰ পৰা একো ক্ষতি নহয়, বৰঞ্চ উপকাৰহে হ’ব৷ তদুপৰি টিকা নোলোৱাসকলে অন্ত্যোদয়া অন্ন যোজনা বা বিশেষ অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়াল আঁচনি, প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু এনৰেগাৰ উপৰি অন্যান্য চৰকাৰী আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ’ব বুলিও তেওঁ সকলোকে জানিবলৈ দিয়ে৷ উপায়ুক্তগৰাকীৰ এই অভিযানত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ভাৰপ্ৰাপ্ত উপ-সঞ্চালক কৃষ্ণমণি দাস আৰু পৰিদৰ্শক সুনীল দাসেও সংগ দিয়ে৷ উপায়ুক্তই বৰপেটাৰোডৰ দুখনমান ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সুলভ মূল্যৰ দোকানলৈ গৈ দোকানৰ গৰাকীক কভিড প্ৰতিষেধক গ্ৰহণ নকৰা লোকক বিনামূলীয়া চাউলৰ বিতৰণ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়ে৷ ইয়াৰ মাজতে ভূষালে কেইবাটাও কভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰি অৱস্থাৰ বুজ লয়৷ ইয়াৰ পূৰ্বে উপায়ুক্তগৰাকীয়ে বৰপেটাৰোডৰ পৰ্যটন বিভাগৰ অতিথিশালাত বৰপেটাৰোড ব্যৱসায়ী সন্থা আৰু পাইকাৰী বিক্ৰেতাসকলৰ সৈতে এখন বৈঠকত মিলিত হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here