স্ত্ৰেচ কম কৰে বাব্‌ল ৰেপে ! জানক ইয়াৰ কি সম্পৰ্ক (Let’s know how bubble wrap helps reduce stress)

0
995
বাব্‌ল ৰেপৰ বিষয়ে আপুনি হয়তো জানেই৷ ইয়াক দেখাৰ লগে লগে সকলোৰে ফুটাবলৈ মন যোৱাটো স্বাভাৱিক৷ বাব্‌ল ৰেপ যে অকল সামগ্ৰী পেকিং কৰাতে ব্যৱহৃত হয়, তেনে নহয়৷ ই আপোনাৰ স্ত্ৰেচ, ভাগৰ আদি দূৰ কৰাটো সহায় কৰে৷

হয়, আচৰিত যেন লাগিলেও এই কথা সত্য৷ Sealed Air Corporation-ৰ দ্বাৰা কৰা এক অধ্যয়নৰ মতে এক মিনিট সময় বাব্‌ল ৰেপ ফুটোৱাৰ ফলত ৩৩% স্ত্ৰেচ কমি যায়, যি ৩০ মিনিট মাচাজ কৰাৰ সমান হয়৷ ই ফিজিঅ’থেৰাপীৰ বাবে অতি উত্তম৷ ফিজিঅ’থেৰাপীত ইয়াক মেডিটেশ্যনৰ আহিলা হিচাপে ব্যৱহাৰ কৰিব পাৰি৷

A woman meditates in nature and eats a reusable bubble wrap pop it antistress toy. Deal with stress at work with Pop it, yoga and meditation Stock Photo - Alamy


যেতিয়া বাব্‌ল ৰেপ ফুটোৱা হয়, তাৰ পৰা ওলোৱা শব্দই এণ্টিস্ত্ৰেচৰ দৰে কাম কৰে৷ ইয়াৰ পৰা যি মানসিক সুখ পোৱা যায়, তাৰ ফলত চিন্তা-অৱসাদ আদি প্ৰায় পাহৰি পেলোৱা হয়৷
শিশুসকলৰ বাবে বিশেষকৈ যিসকল শিশু শাৰীৰিক আৰু মানসিক বিকাশৰ স্তৰত থাকে, তেওঁলোকৰ বাবে বাব্‌ল ৰেপ উত্তম৷ কিয়নো ই শিশুৰ মটৰস্কিল বৃদ্ধি কৰাত সহায় কৰে৷

Two Children Popping Plastic Bubble Wrap High-Res Stock Photo - Getty Images

ই তেতিয়া বেছি লাভদায়ক হয়, যেতিয়া বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলি একেলগ কৰি ৰেপৰ এটা এটা বাব্‌ল ফুটাবলৈ চেষ্টা কৰে৷ ইয়াৰ ফলত শিশুসকলে হাতেৰে লিখাৰ কৌশলো আয়ত্ত কৰিব পাৰে৷ কিয়নো হাতেৰে লিখিবলৈ হ’লে শিশুৰ আঙুলিৰ জোৰ আৰু হাতৰ উন্নত সামঞ্জস্য থকাটো প্ৰয়োজন৷ যিটো বাব্‌ল ৰেপ ফুটালে সেই কৌশল আয়ত্ত কৰিব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here