ৰাজ্যত বনৌষধি উদ্যান ‘মহৰ্ষি চৰক’ উদ্বোধন

0
799

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ চমুকৈ ডি এছ টিৰ সচিব ড॰ ৰবি চন্দ্ৰশেখৰে গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইন্‌ষ্টিটিউট অব্‌ এডভান্স ষ্টাডি ইন ছায়েন্স এণ্ড টেকন’লজি চমুকৈ আই এ এছ এছ টি চৌহদ পৰিদৰ্শন কৰে৷ পৰিদৰ্শন কালত সচিব ড॰ চন্দ্ৰশেখৰে চৌহদত স্থাপন কৰা ‘মহৰ্ষি চৰক’ নামৰ বনৌষধি উদ্যানখন উদ্বোধন কৰে৷ আনহাতে এই উপলক্ষে সভাগৃহত অনুষ্ঠিত এক বৈঠকত আই এ এছ এছ টিৰ সঞ্চালক অধ্যাপক আশিস¸ কুমাৰ মুখাৰ্জী, অধ্যাপক-অধ্যাপিকা, শিক্ষাৰ্থী, গৱেষক, বিষয়া-কৰ্মচাৰীসকলৰ সৈতে মিলিত হয় আৰু প্ৰতিষ্ঠানখনৰ উন্নয়ন সন্দৰ্ভত মত বিনিময় কৰে৷ বৈঠকত ড॰ চন্দ্ৰশেখৰে সকলোকে প্ৰতিষ্ঠানৰ উত্তৰোত্তৰ উন্নতিৰ হকে নিজকে আত্মনিয়োগ কৰিবলৈ আহ্বান জনায় আৰু উদ্যানখনে কাষৰীয়া অঞ্চলৰ ওষধীয় গছৰ খেতিৰ লগত জড়িত কৃষক-গৱেষকসকলক উপকৃত কৰিব বুলি আশা ব্যক্ত কৰে৷ উল্লেখ্য যে সঞ্চালক অধ্যাপক আশিস কুমাৰ মুখাৰ্জীৰ বিশেষ তৎপৰতাত শিক্ষণ আৰু গৱেষণাৰ উৎকৰ্ষ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে স্থাপন কৰা  উদ্যানখনত ৫০ৰো অধিক বিভিন্ন প্ৰজাতিৰ ওষধি উদ্ভিদ ৰোপণ কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here