ভাৰতত পুনৰ আঠটা ইউটিউব চেনেল নিষিদ্ধ

0
1249

কেন্দ্ৰীয় চৰকাৰে এটা পাকিস্তানী চেনেলকে ধৰি মুঠ আঠটা ইউটিউব চেনেলৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিছে৷ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি ব্লক কৰা ইউটিউব চেনেলকেইটা ১১৪ কোটিতকৈ অধিক চাইছিল আৰু  ছাবছক্ৰাইবাৰৰ সংখ্যা আছিল ৮৫ লাখ ৭৩ হাজাৰ৷ এই চেনেলকেইটাত ভাৰত বিৰোধী আৰু দেশখনৰ আইন শৃংখলা ব্যৱস্থা তথা বৈদেশিক সম্পৰ্কত প্ৰভাৱ পেলাব পৰা ভুল তথ্য প্ৰচাৰ কৰা হৈছিল বুলি অভিযোগ কৰা হৈছে৷ 
চৰকাৰে কৰা অভিযোগ মতে ইউটিউব চেনেলকেইটাই ভাৰতত আতংকৰ সৃষ্টি কৰিব পৰা, ৰাজহুৱা ব্যৱস্থা বিশৃংখলিত কৰিব পৰা আৰু সাম্প্ৰদায়িক বিদ্বেষৰ সৃষ্টি কৰিব পৰা বাতৰি প্ৰচাৰ কৰি আহিছিল৷ নিষিদ্ধ কৰা চেনেলকেইটাৰ ভিতৰত লোকতন্ত্ৰ টিভি, ইউ এণ্ড টি ভি, চৰকাৰী আপডেট, এ এম ৰাজভী, গৌৰৱশালী পৱন মিথিলাঞ্চল, চি টপ ফাইভ ফাইভ টি এছ আদিও আছে৷ আনহাতে পাকিস্তানী চেনেলটো হ’ল নিউজ কী দুনীয়া৷ তথ্য সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে এই চেনেলকেইটাৰ উপৰি এটা ফে’চবুক পেজো নিষিদ্ধ কৰে৷ ইয়াৰে একাংশ চেনেলত ধৰ্মীয় অনুভূতিত আঘাত কৰা ভুৱা বাতৰিও প্ৰচাৰ কৰা বুলি অভিযোগ কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here