খৰাঙৰ বাবে জৰুৰী অৱস্থাৰ ঘোষণা : ক’ত ?

0
159

চীনৰ দক্ষিণ-পশ্চিমৰ ৬৬খন নদী শুকাই যোৱাৰ পাছত দেশখনে ৰাষ্ট্ৰীয় খৰাঙৰ প্ৰথম সতৰ্কবাণী জাৰি কৰিছে৷ বনজুইৰ বাবে হোৱা প্ৰবল গ্ৰীষ্ম প্ৰবাহৰ সৈতে খৰাঙে দেশখনৰ খাদ্যশস্যৰ বাবে গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে৷ এই সপ্তাহৰ প্ৰথমভাগত খৰাঙৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ বিত্তীয় সাহায্য, ডাৱৰ সৃষ্টি আৰু কিছু উদে্যাগ বন্ধকে ধৰি বহু নতুন পদক্ষেপৰ কথা ঘোষণা কৰিছিল৷ উল্লেখ্য যে ‘ৱাশ্বিংটন প’ষ্ট’ নামৰ সংবাদ মাধ্যমে চীনৰ এই সংকটক ‘লিপিবদ্ধ খৰাঙৰ ভিতৰত আটাইতকৈ শোচনীয়’ বুলি অভিহিত কৰিছে৷ প্ৰবল উষ্ণতাই দেশখনৰ গুৰুত্বপূৰ্ণ নদী য়াংজেৰ কিছু অংশ শুকুৱাই পেলাইছে, শস্যৰ ক্ষতি কৰিছে আৰু কিছু গ্ৰামাঞ্চলত খোৱা পানী সীমিত হৈ পৰিছে৷ প্ৰবল গৰমৰ বাবে ৩৩খন কাউণ্টিৰ ৬৬খন নদী শুকাই গৈছে৷ ইয়াৰ উপৰি দক্ষিণ চীনত এই বছৰ বৃষ্টিপাত ৬০ শতাংশ হ্ৰাস পাইছে৷ চীনৰ জৰুৰী মন্ত্ৰ্যালয়ৰ তথ্য মতে, উচ্ছ উষ্ণতাৰ বাবে কেৱল জুলাই মাহতে প্ৰত্যক্ষ অৰ্থনীতিত দেশখনত ৪০০ মিলিয়ন ডলাৰৰ লোকচান হৈছে আৰু ৫৫ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here