ৰাজ্যত প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাস পাইছে : কোনে ক’লে ?

0
160

প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে স্বাস্থ্য বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ কথা অসম বিধানসভাত সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই৷ দেশৰ ভিতৰত অসমত প্ৰসূতিৰ মৃত্যুৰ হাৰ সৰ্বাধিক বুলি শাসক দলৰ বিধায়ক তেৰছ গোৱালাই দৃষ্টি আকৰ্ষণ কৰা এটা বিষয়ৰ ওপৰত উত্তৰ দি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বৰ তুলনাত এতিয়া প্ৰসূতিৰ মূত্যুৰ হাৰ বহুখিনি হ্ৰাস পাইছে৷ প্ৰায় ৩৫ শতাংশ মৃত্যৰ হাৰ হ্ৰাস পোৱাৰ কথা তেওঁ সদৰী কৰে৷ ২০২১ চনত ৫২৬গৰকী প্ৰসূতিৰ মৃত্যু হোৱাৰ বিপৰীতে চলিত বৰ্ষত ৩৪২গৰাকী প্ৰসূতিৰ মৃত্যু হোৱাৰ কথাও উল্লেখ কৰে৷ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে চিকিৎসালয়সমূহৰ উপৰি স্বাস্থ্য শিবিৰসমূহত এতিয়া গুৰুত্ব দিয়া হৈছে৷ পূৰ্বে স্বাস্থ্য শিবিৰসমূহত কোনো বিশেষজ্ঞ চিকিৎসকৰ ব্যৱস্থা কৰা হোৱা নাছিল যদিও এতিয়া শিবিৰসমূহলৈও বিশেষজ্ঞ চিকিৎসক প্ৰেৰণ কৰা হয়৷ যাৰ ফলত এতিয়া শিবিৰসমূহতো প্ৰসূতিসকলে উন্নত চিকিৎসা লাভ কৰিবলৈ সক্ষম হৈছে৷ 
ইয়াৰ সমান্তৰালকৈ ম’বাইল ইউনিটসমূহৰ জৰিয়তেও উন্নত চিকিৎসা প্ৰদান কৰি থকাৰ কথা উল্লেখ কৰে৷ ১৮০খন ম’বাইল ইউনিটৰ ৮০খনেই চাহ বাগিচা অঞ্চলত যোগান ধৰাৰ কথা উল্লেখ কৰি কয় যে এতিয়া পূৰ্বৰ তুলনাত চাহ বাগিচা অঞ্চলত চিকিৎসা ব্যৱস্থা বহু উন্নত কৰা হৈছে৷ সমান্তৰালকৈ চাহ বাগিচাৰ লাইনৰ যুৱতী-মহিলাক বাগিচাৰ ভিতৰতেই আশা কৰ্মী হিচাপে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা বুলি প্ৰকাশ কৰে৷ তেওঁ কয় যে চাহ বাগিচাৰ প্ৰসূতিক সেৱা আগবঢ়োৱাত যাতে কোনোধৰণৰ অসুুবিধা  নহয়, সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি বাগিচাৰ মহিলা-যুৱতীক নিজৰ অঞ্চলতেই নিযুক্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা স্পষ্ট কৰে৷ তেওঁ লগতে কয় যে যোৱা মে’ৰ পৰা প্ৰতি মাহত একোখনকৈ স্বাস্থ্য মন্থন বৈঠক অনুষ্ঠিত কৰা হৈছে৷ এই বৈঠকসমূহত প্ৰতিটো ব্লকৰ স্বাস্থ্য সেৱাৰ বিষয়সমূহ আলোচনা কৰা হৈছে৷ য’ত উন্নত চিকিৎসা লাভ কৰা নাই, তাতেই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দি থকা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here