ছৌডিৰ মৰুৰ বুকুত বিশ্বৰ অষ্টম আশ্চৰ্যৰ কি আছে ?

0
150

আমাৰ সকলোৰে এটা স্বাভাৱিক ধাৰণা আছে যে মৰুৰ বুকুত চাৰিওফালে কেৱল বালি আৰু বালি৷ এই ধাৰণা ভুল প্ৰতিপন্ন হ’বলৈ আগবাঢ়িছে৷ এতিয়া মৰুৰ বুকুত বালি নাথাকে, থাকে আশাৰ বীজ আৰু ভৱিষ্যতৰ স্বপ্ন৷ তাৰ বাস্তৱ প্ৰমাণ হিচাপে ছৌডি আৰবৰ মৰুৰ বালিৰ বুকুত আধুনিক সকলো সা-সুবিধাৰে ভৰা অখন চহৰ নিৰ্মাণ কৰিবলৈ কাম আৰম্ভ কৰিছে৷ প্ৰচণ্ড বালিৰ উত্তাপ আৰু বালিময় পৰিৱেশত প্ৰতিহত কৰি ছৌডি আৰবৰ টাবুকৰ নিঅ’মত নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰা এই বিশালকায় চহৰখনক ‘ভৱিষ্যতৰ চহৰ’ বুলি অভিহিত কৰিছে৷ বিশ্বৰ অষ্টম আশ্চৰ্য হ’বলগীয়া এই চহৰখন ১৭০ কিলোমিটাৰ দীঘল হ’ব আৰু বহলে হ’ব ২০০ মিটাৰ৷ দি লাইন নাম দিয়া এই চহৰখনৰ নিৰ্মাণে মানুহৰ ক্ষমতা, কাৰিকৰী কৌশল আৰু মানুহে কি কৰিব পাৰে তাকেই প্ৰমাণ কৰিব বুলি বিভিন্ন মহলে মন্তব্য প্ৰকাশ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here