অশনি সংকেত : অস্বাভাৱিক হাৰত হ্ৰাস ব্ৰহ্মপুত্ৰৰ জলস্তৰ

0
168

আ(ৰ্যজনকভাৱে ব্ৰহ্মপুত্ৰত পানী হ্ৰাস পোৱা ঘটনাই সকলোকে ভবাই তুলিছে৷ বৰষুণৰ পৰিমাণ কমি যোৱাৰ লগতে আন কেতবোৰ কাৰক তথা প্ৰকৃতিৰ তাৰতম্যতাৰ বাবে ভৰা ব্ৰহ্মপুত্ৰৰ বুকু এতিয়া ক্ৰমান্বয়ে শুকাই গৈছে৷ উল্লেখ্য যে ব্ৰহ্মপুত্ৰ হৈছে অসমৰ প্ৰধান নদী৷ বৰলুইত নামেৰেও পৰিচিত ইয়াৰ দৈৰ্ঘ্য প্ৰায় ২৯০০ কিল’মিটাৰ৷ এছিয়াৰ ভিতৰতে অন্যতম দীঘল নৈখনৰ সৈতে অসমৰ সংস্কৃতি আৰু সভ্যতা অংগাংগিভাৱে জড়িত৷ অসমীয়া জাতীয় জীৱনৰ আয়ুসৰেখাস্বৰূপ এই বৰলুইতৰ বুকুত সাংঘাতিকভাৱে পানীৰ পৰিমাণ কমি যোৱাই নহয় বিগত বৰ্ষসমূহৰ অভিলেখ ভংগ কৰা ঘটনা ভূতত্ত্ববিদসকলে ইয়াৰ গভীৰ অধ্যয়নত উল্লেখ কৰিছে৷ প্ৰতিৱেশী ৰাষ্ট্ৰ চীন দেশৰ তিব্বতৰ মানস সৰোবৰ হ্ৰদৰ পৰা উৎপত্তি হোৱা এই মহাবাহু ব্ৰহ্মপুত্ৰ নৈখন অসমৰ সভ্যতা আৰু সংস্কৃতিৰ সাক্ষী হৈ ৰাজ্যখনৰ মাজেৰে নিৰৱচ্ছিন্নভাৱে প্ৰবহমান৷ স্বাভিমানৰ প্ৰতীক ব্ৰহ্মপুত্ৰ নৈখনে পূৰ্বৰ নিজৰ চৰিত্ৰ সম্পূৰ্ণৰূপে বিসৰ্জন দি নিম্ন জলস্তৰেৰে বৰ্তমান বৈ থকা ঘটনা সকলোৰে বাবে চিন্তাৰ কাৰণ হৈ পৰিছে৷ 
ৰাজ্যিক জলসম্পদ বিভাগ মাজুলী সংমণ্ডল কাৰ্যালয়ত থকা তথ্য অনুসৰি, ২০১২ চনৰ পৰা ২০২১ চনলৈ বিগত দশকত ব্ৰহ্মপুত্ৰৰ উচ্চহাৰৰ পানীৰ পৰিমাণ হৈছে ক্ৰমে ২০১২ত ৮৬.৭০ মিটাৰ, ২০১৩ত ৮৬.৫৩ মিটাৰ, ২০১৪ত ৮৬.২৯ মিটাৰ, ২০১৫ত ৮৬.০১ মিটাৰ, ২০১৬ত ৮৬.৩৭ মিটাৰ, ২০১৭ত ৮৬.৭২ মিটাৰ, ২০১৮ত ৮৪.৯৫ মিটাৰ, ২০১৯ত ৮৫.৯২ মিটাৰ, ২০২০ত ৮৬.৪০ মিটাৰ, ২০২১ত ৮৬.৩১ মিটাৰ৷ ঠিক একেদৰে ২০১২ চনৰ অক্টোবৰত ৮৫.৩৯ মিটাৰ, ২০১৩ চনৰ অক্টোবৰত ৮৬.৫৩ মিটাৰ, ২০১৪ চনৰ অক্টোবৰত ৮৩.৭৯ মিটাৰ, ২০১৫ চনৰ অক্টোবৰত ৮৩.৫১ মিটাৰ, ২০১৬ চনৰ অক্টোবৰত ৮৪.৯৯ মিটাৰ, ২০১৭ চনৰ অক্টোবৰত ৮৪.৭২ মিটাৰ, ২০১৮ চনৰ অক্টোবৰত ৮২.৮৭ মিটাৰ, ২০১৯ চনৰ অক্টোবৰত ৮৩.৯০ মিটাৰ, ২০২০ চনৰ অক্টোবৰত ৮৪.৬৬ মিটাৰ, ২০২১ চনৰ অক্টোবৰত ৮৪.৩৯ মিটাৰ৷ এইদৰে প্ৰত্যেকটো বছৰে ব্ৰহ্মপুত্ৰৰ পানী ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে৷ যাক লৈ ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত বিশ্বৰ বৃহৎ নদীদ্বীপ মাজুলীৰ জনসাধাৰণ উদ্বিগ্ন হৈ পৰিছে৷ ব্ৰহ্মপুত্ৰৰ জলস্তৰৰ পৰিমাণ আশ্চৰ্যজনকভাৱে হ্ৰাস পোৱাৰ পিছত ব্ৰহ্মপুত্ৰৰ বিভিন্ন অংশত দৃশ্যমান হৈছে বৃহৎ বৃহৎ বালিৰ পলস৷ ব্ৰহ্মপুত্ৰৰ অস্বাভাৱিক দৃশ্য দেখি আন এক গভীৰ ৰহস্য থাকিব পাৰে বুলিও আশংকা প্ৰকাশ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here