ৰাজ্যত ড্ৰাগ্‌ছ সৰবৰাহৰ অভিনৱ পন্থা

0
719
ড্ৰাগ্‌ছৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীৰ অভিযান বৰ্তমানেও অব্যাহত আছে৷ ২১ অক্টোবৰৰ নিশা বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বৃহৎ পৰিমাণৰ হেৰ’ইনসহ দুটা সৰবৰাহকাৰীক আটক কৰে৷ জানিব পৰা মতে, অসম-নগালেণ্ড সীমান্তৰ পুৰণা লাহৰিজান পহৰা আৰক্ষী চকীৰ নাকাত মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এ আৰ-২০-২৭০০  নম্বৰৰ এখন নৈশ বাছত  আৰক্ষীৰ অভিযানকাৰী দলটোৱে অতৰ্কিতে তালাচী চলায়৷ আৰক্ষীৰ এই তালাচী কালত উক্ত নৈশ বাছখনৰ পৰা দুটা চাউলৰ বেগত ৪৮টাকৈ চাবোনৰ বাকচত ভৰাই অনা অৱস্থাত ৫৮৪ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰাৰ লগতে দুটা ড্ৰাগ্‌ছ সৰবৰাহকাৰীক আটক কৰে৷ ধৃত সৰবৰাহকাৰী দুটা হৈছে ক্ৰমে মণিপুৰৰ পশ্চিম ইম্ফল জিলাৰ মায়ং ইম্ফল আৰক্ষী থানাৰ অন্তৰ্গত মংলেম মিট্টেইৰ পুত্ৰ ইৰেংবাম ক’কিল আৰু একে ঠাইৰে ইৰেংবাম ইট’ম্‌ছাৰ পুত্ৰ ইৰেংবাম বাবু সিং৷ আৰক্ষী সূত্ৰই জনোৱা মতে, জব্দ কৰা ড্ৰাগ্‌ছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য ৪ কোটি টকা৷ নৈশ বাছখনৰ পৰা উদ্ধাৰ কৰা এই হেৰ’ইনখিনি বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাস আৰু ডিলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়াৰ উপস্থিতিত জব্দ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here