এইবোৰ সমস্যাত তেঁতেলী পানী খাওক ৷ Take tamarind water for these maladies

0
296
প্ৰায় বহুতেই তেঁতেলীৰ টেঙা মিঠা সোৱাদটো খুব ভাল পায়৷ তেঁতেলীৰ নাম শুনিলেই মানুহৰ জিভাৰ পানী পৰাটো স্বাভাৱিক৷ বহুতেই তেঁতেলীক কেঁচাই খোৱাৰ উপৰি জুচ কৰি খায়৷ অৱশ্যে ই শৰীৰৰ কাৰণেও উপকাৰী৷ পিছে কেনে ধৰণে তেঁতেলীৰ পানীয়ে শৰীৰটোক লাভান্বিত কৰে জানো আহক৷

(১) তেঁতেলী পানীয়ে বদহজমৰ সমস্যা নিৰ্মূল কৰাত সহায় কৰে৷ লগতে পেট ফুলা, পেট খোলোচা নোহোৱা আদি সমস্যাতো আপুনি তেঁতেলীৰ জুচ খাব পাৰে৷


(২) আপুনি যদি ওজন কমাব বিচাৰিছে, তেন্তে তেঁতেলী পানী খাব পাৰে৷ ই শৰীৰৰ পৰা টক্সিন নিষ্কাশন কৰাত সহায় কৰে৷

Tamarind juice recipe - That Girl Cooks Healthy


(৩) ছালৰ কাৰণেও তেঁতেলীৰ জুচ খুব ভাল৷ ই প্ৰচুৰ পৰিমাণে ভিটামিন-C সমৃদ্ধ হোৱা হেতুকে ভিতৰৰ পৰা আপোনাৰ ছাল সুন্দৰ কৰিব পাৰে৷


(8) আনকি তেঁতেলী পানীয়ে কলেষ্টৰেল লেভেল নিয়ন্ত্ৰণ কৰি হাৰ্ট সুস্থ কৰাটো সহায় কৰে৷
ইয়াৰ বাবে এটা পাত্ৰত পানীৰ লগত তেঁতেলী উতলাই লৈ ঠাণ্ডা হোৱাৰ পাছত তাত অলপ মৌ মিশ্ৰণ কৰি তেঁতেলীৰ জুচ হিচাপে খাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here