ৰাজ্যত ডেল্টা ভেৰিয়েণ্টৰ অৱস্থিতি

0
1058
কৰ’না ভাইৰাছৰ দ্বিতীয়টো ঢৌৰ সৃষ্টি কৰা হাহাকাৰ মাৰ নৌযাওঁতেই দেশত নতুন ভেৰিয়েণ্ট ডেল্টাৰ সংক্ৰমণ আৰম্ভ হৈছে৷ অসমতো কভিডৰ ডেল্টা ভেৰিয়েণ্টৰ অৱস্থিতি ধৰা পৰাৰ কথা জানিবলৈ দিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই৷ স্বাস্থ্য মন্ত্ৰীজনে প্ৰকাশ কৰা মতে, প্ৰতিমাহে ৰাজ্যৰ পৰা তিনিশ নমুনা উন্নত পৰীক্ষাৰ বাবে বহিঃৰাজ্যলৈ প্ৰেৰণ কৰা হয়৷ এপ্ৰিল, মে’ মাহত প্ৰেৰণ কৰা এনে নমুনাৰ প্ৰায় ৭৭ শতাংশত ডেল্টা ভেৰিয়েণ্ট পোৱা গৈছে৷ যিসকল লোকৰ দেহত ডেল্টা ভেৰিয়েণ্টৰ অৱস্থিতি ধৰা পৰিছিল উক্ত লোকসকলৰ সৈতে স্বাস্থ্য বিভাগে সম্পৰ্ক ৰক্ষা কৰি চলিছে বুলি জনাই মন্ত্ৰীজনে লগতে কয় যে ডেল্টা ভেৰিয়েণ্টত আক্ৰান্ত ৰোগীৰ মাত্ৰ এজনৰহে মৃত্যু ঘটিছে৷ আনহাতে যিসকল লোকে কভিড-১৯ৰ দুটাকৈ ভেক্‌চিন গ্ৰহণ কৰিছে তেওঁলোকে ৰে’ল ষ্টেছন আৰু বিমান বন্দৰত কভিড পৰীক্ষা কৰিব নালাগে৷ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰা মতে, দুটা ভেক্‌চিন লোৱাসকলে ভেক্‌চিন লোৱাৰ প্ৰমাণ-পত্ৰ দেখুৱালেই তেওঁলোকক কভিড পৰীক্ষাৰ পৰা ৰেহাই দিয়া হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here