ৰাজ্য চৰকাৰৰ ২২০টা হট্‌স্পট অঞ্চল হিচাপে চিহ্নিত

0
1028
ৰাজ্যত কভিড পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহিছে যদিও কেইখনমান জিলাত কভিডৰ সংক্ৰমণৰ হাৰ অপৰিৱৰ্তিত হৈয়ে আছে৷ এইকেইখন জিলাৰ কভিড পৰিস্থিতিক লৈ এতিয়া ৰাজ্য চৰকাৰে উদ্বিগ্নতা প্ৰকাশ কৰিছে৷ উল্লেখ্য যে ১৫খন জিলাৰ ২২০টা অঞ্চলক কৰ’নাৰ হট্‌স্পট হিচাপে চিহ্নিত কৰিছে ৰাজ্য চৰকাৰে৷ এতিয়া এই অঞ্চলসমূহক লৈ চৰকাৰে কঠোৰ সিদ্ধান্ত লোৱাৰ চিন্তা-চৰ্চা কৰিছে৷ বিশেষকৈ গোলাঘাট, মৰিগাঁও, বিশ্বনাথ, শোণিতপুৰ, নগাঁও জিলাকে ধৰি ১৫খন জিলাত আজিপৰ্যন্ত কভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই৷ উক্ত জিলাসমূহত ৰাইজে কভিড প্ৰট’কলসমূহ ধোঁৱাচাঙত তুলিছে৷ একাংশই কোনোধৰণৰ কভিডৰ নীতি-নিয়ম পালন কৰা দেখিবলৈ পোৱা নাই৷ কি বজাৰ, কি ভেক্‌চিন কেন্দ্ৰ, ৰাজহুৱা স্থান– ক’তোৱেই মনা নাই কভিড বিধি৷ ফলত কভিড সংক্ৰমণ ৰোধ হোৱা নাই ১৫খন জিলাত৷ 

আনহাতে কভিড পজিটিভিটিৰ হাৰ মৰিগাঁৱত 8.৭০%, গোলাঘাটত 8.২২%, যোৰহাটত ৩.৭৫%, শোণিতপুৰত 8.৩০%, বিশ্বনাথত ৩.৭৫%, গোৱালপাৰাত ২.৮৫%, ধেমাজিত ২.৩২%, শিৱসাগৰত ২.৩৩%, নগাঁৱত ২.৩০%বৰ্তমানলৈ হৈয়ে আছে৷ সেয়ে সংক্ৰমণৰ হাৰলৈ চাই ৰাজ্য চৰকাৰে এই জিলাবোৰৰ কিছু অঞ্চলক হট্‌স্পট অঞ্চল হিচাপে ঘোষণা কৰিছে৷ সেই অনুসৰি বিশ্বনাথ জিলাৰ বালিচোং, মোনাবাৰী, দিপৰা দংগীগাঁও, বঙালীবস্তি, বৰমাহজান চাহ বাগিচা; মৰিগাঁও জিলাৰ ঘুনুচা, চানাকা, নেলী, জুৰগাঁও; গোলাঘাট জিলাৰ বিহৰা চাহ বাগিচা, গোলাঘাট টাউন, দগাঁও, বোকাজান টাউন; শোণিতপুৰ জিলাৰ বনগাঁও চাহ বাগিচা, মালিপৰা চাহ বাগিচা, নতুন আদাবাৰী চাহ বাগিচা, চপাই চাহ বাগিচা; লখিমপুৰ জিলাৰ নাথগাঁও, সান্দহখোৱা, চিনাতলীয়া চাহ বাগিচা, মাহধোৱা; যোৰহাট জিলাৰ পাচনিগাঁও, মেলেং চাহ বাগিচা, মধুপুৰ চাহ বাগিচা; তিনিচুকীয়া জিলাৰ ৰামপুৰ মানেলা, টিপুক চাহ বাগিচা, বৰপুখুৰী, মাজগাঁও [শদিয়া]; গোৱালপাৰা জিলাৰ বাতাবাৰী, বক্ৰপুৰ, ভালুকডুবি, পলাশকান্দি; ডিমা হাছাও জিলাৰ কণাবস্তি, নতুন বস্তি, ১১ আসাম ৰাইফলছ আদি অঞ্চলসমূহক হট্‌স্পট অঞ্চল হিচাপে ঘোষণা কৰিছে৷
উল্লেখ্য যে এই হট্‌স্পট অঞ্চলবোৰক লৈ কি ব্যৱস্থা গ্ৰহণ কৰিব– এই লৈ ২৫ জুনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মাই জিলা উপায়ুক্তসকলৰ সৈতে এখন ভাৰ্চুৱেল বৈঠকৰ আয়োজন কৰিছে৷ এই বৈঠকতে পৰৱৰ্তী কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে৷ আনহাতে অহা ২৬ জুনত কভিড-১৯ৰ সম্পৰ্কে ৰাজ্য চৰকাৰৰ নতুন এছ অ’ পি ঘোষণা কৰাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here