আপোনাৰ ছালখন চাফা কৰাৰ ঘৰুৱা উপায় বিচাৰি আছে নেকি ?

0
889
গৰম বতাহ, ধূলি-বালি প্ৰদূষণৰ ফলত আমাৰ ছালৰ সৰু সৰু ছিদ্ৰসমূহৰ জৰিয়তে ধূলি ছালত জমা হ’বলৈ ধৰে৷ ছালৰ ভিতৰলৈ সোমাই যোৱা এই ধূলি-বালিসমূহৰ ফলত পিম্পলছ, ব্লেকহেডছ, খজুৱতি আদিৰ দৰে সমস্যাই দেখা দিব পাৰে৷ অকল এয়াই নহয়, ধূলি-বালিসমূহৰ বাবে ছালৰ উজ্জ্বলতাও নাইকিয়া হ’বলৈ ধৰে৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি কিছুমান ঘৰুৱা উপায় ব্যৱহাৰ কৰি ছালখন ভিতৰৰ পৰা চাফা কৰাটো অতি প্ৰয়োজন৷ এই ক্ষেত্ৰত মৌচুম্বী আপোনাৰ কামত আহিব পাৰে ৷

(১) ইয়াৰ বাবে আপোনাক লাগিব এচামুচ হালধি, এচামুচ দৈ আৰু মৌচম্বী ৰস৷
(২) এতিয়া এই তিনিওবিধ সামগ্ৰী একেলগে মিশ্ৰণ কৰি লওক৷ তাৰ পাছত মিশ্ৰণখিনি মুখত লগাই ৫-১০ মিনিটমানৰ পাছত ঘঁহি ঘঁহি পৰিষ্কাৰ পানীৰে ধুই দিয়ক৷
(৩) এই মিশ্ৰণখিনি আপুনি গোটেই শৰীৰতো লগাব পাৰে৷ সপ্তাহত দুবাৰ লগালে আপুনি সুফল লাভ কৰিব পাৰিব৷

Mosambi Juice Benefits Easy Homemade Face Packs Summer Special

(৪) এই মিশ্ৰণখিনি প্ৰয়োগৰ ফলত আপোনাৰ ছালত বয়সৰ চাপ পৰাত বাধা প্ৰদান কৰাৰ লগতে ছালৰ ছিদ্ৰসমূহক সৰু কৰে৷
(৫) যাৰ ফলত ধূলি-মাকতি ছালৰ ভিতৰত সোমাই যাব নোৱাৰে৷ ডাৰ্ক চাৰ্কল দূৰ কৰাৰ লগতে পিগমেনটেশ্যন ৰোধ কৰাতো এই মিশ্ৰণে সহায় কৰে৷

গতিকে ছালখনত বজাৰত উপলব্ধ যিকোনো প্ৰসাধন সামগ্ৰী ব্যৱহাৰ নকৰি এনেধৰণৰ ঘৰতে প্ৰস্তুত কৰা সামগ্ৰীৰে ছালখন সুৰক্ষিত কৰি ৰাখো আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here