ৰাজ্যত আৰম্ভ ৰেড প্লাছ এম্বুলেঞ্চ সেৱা Good news: Red plus ambulance service launched in state

0
382

হোজাই, নগাঁও আৰু শোণিতপুৰ জিলাৰ ভিতৰতে প্ৰথমখন এডভাঞ্চড লাইভ ছাপ’ৰ্ট সংলগ্ন ৰেড প্লাছ এম্বুলেঞ্চ উপলব্ধ হৈছে হোজাই জিলাৰ লংকাত ৷ লংকাৰ ‘ৰেড ছাৰ্ভিচ’ নামৰ সংস্থা এটাই আৰ্তজনক সহায়ৰ উদ্দেশ্যে উৎসৰ্গা কৰিছে ‘ৰেড প্লাছ’ৰ অত্যাধুনিক কাৰিকৰী প্ৰযুক্তিসম্পন্ন এম্বুলেঞ্চ সেৱা৷ দুৰ্ঘটনাগ্ৰস্ত লোকৰ উপৰি ক’মা, হাৰ্ট এটেক আদিৰ ৰোগীক, অক্সিজেন কনচেনটেটৰ, ৰোগীৰ মনিটৰ, ভেণ্টিলেশ্যন, ই চি জি আদি প্ৰয়োজনীয় লাইভ ছাপ’ৰ্টৰ সহায়ত চিকিৎসালয়লৈ কঢ়িয়াই নি ৰোগীৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত সহায়ক হৈ উঠিব ৪৮ লাখ টকা ব্যয়েৰে ক্ৰয় কৰা এই ৰেড প্লাছ এম্বুলেঞ্চ৷ সংকটপূৰ্ণ সময়ত ৰোগীক জীৱন ৰক্ষাৰ ক্ষেত্ৰত বহু দিনৰে পৰা সহায় কৰাৰ এক সপোন বুকত লৈ ফুৰিছিল লংকাৰ ৰেড ছাৰ্ভিচ নামৰ সংস্থাটোৱে৷ সেই সপোনৰ ফলতে আৰম্ভ হয় ৰেড প্লাছ এম্বুলেঞ্চ সেৱা৷ লংকাৰ পাঞ্জাব নেশ্যনেল বেংকৰ সন্মুখতে মাংগলিকভাৱে নাৰিকল ভাঙি এই এম্বুলেঞ্চ সেৱা মুকলি কৰে ৰেড ছাৰ্ভিচৰ উদ্যোক্তা মুক্তা দেৱনাথৰ পুত্ৰ সুমন দেৱনাথে৷ উপস্থিত থাকে পাঞ্জাব নেশ্যনেল বেংকৰ লংকা শাখাৰ জ্যেষ্ঠ প্ৰবন্ধক মিঠুন চন্দসহ কেইবাজনো বেংক বিষয়া৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here