কভেক্সিনক কোন দেশে অনুমোদন জনালে ? Which country has approved Covaxin?

0
471
অষ্ট্ৰেলিয়া চৰকাৰে জনায় যে যাত্ৰীৰ টিকাকৰণৰ প্ৰমাণ-পত্ৰৰ ক্ষেত্ৰত কভেক্সিনক দেশখনে ‘অনুমোদিত’ ভেকচিনৰূপে গ্ৰহণ কৰিব৷ কভেক্সিনৰ বিশ্বজুৰি অনুমোদনৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদনৰ অপেক্ষাত থকাৰ সময়তে ভাৰত বায়’টেকৰ এই ভেকচিনক অষ্ট্ৰেলিয়াই অনুমোদন জনোৱাটো ভাৰতৰ বাবে এক আনন্দৰ খবৰ৷ অষ্ট্ৰেলিয়াৰ ভেকচিন নিয়ন্ত্ৰণ কৰা তথা কতৃৰ্ত্ব দিয়া থেৰাপিউটিক গুড্‌ছ এডমিনিষ্ট্ৰেশ্যনে এটা বিবৃতিত কয় যে শেহতীয়া সপ্তাহবোৰত এই ভেকচিনে সুৰক্ষা দিয়াৰ সম্পৰ্কে TGA-এ অতিৰিক্ত তথ্য লাভ কৰিছে আৰু তথ্য লাভ কৰিছে যে এই ভেক্‌চিন লোৱা লোকে অষ্ট্ৰেলিয়াত থাকোঁতে আনলৈ ক’ভিড-১৯ বিয়পোৱাৰ সম্ভাৱনা কম৷ TGA-এ বিবৃতিত আৰু কয় যে পূৰ্বৰ অনুমোদিত কৰ’নাভেক (চীনৰ) আৰু কভিশ্বিল্ডৰ (ভাৰতৰ) সৈতে নতুনকৈ ভাৰতৰ কভেক্সিন আৰু চীনৰ বি বি আই বি পি ক’ৰভি-ক অনুমোদন জনোৱাৰ লগে লগে চীন আৰু ভাৰতকে ধৰি এই ভেকচিন ব্যাপকভাৱে ব্যৱহাৰ কৰা দেশৰ লোক এতিয়া উক্ত ভেকচিনৰ সম্পূৰ্ণ পালি লৈ অষ্ট্ৰেলিয়াত সোমাব পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here