দীপাৱলী : পোহৰৰ উৎসৱটি সাৱধান আৰু সতৰ্কতাৰে পালন কৰোঁ আহক || How to celebrate Diwali amidst Covid-19?

0
279

পোহৰৰ উৎসৱ দেৱালী সমাগত ৷ প্ৰত্যেকৰে ঘৰত নিশ্চয় দেৱালী উদযাপনৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলি আছে৷ বিভিন্ন ধৰণৰ লাইট লগোৱা, চাকি কিনা, ফট্‌কা আদি যোগাৰ কৰাৰ আৰম্ভ হৈয়ে গৈছে নিশ্চয়৷ পিছে এইখিনিতে আমি ক’ভিডৰ মাৰাত্মক প্ৰভাৱৰ কথা পাহৰি যোৱা উচিত নহয়৷ ক’ভিড বৰ্তমানেও পৃথিৱীৰ আকাশে-বতাহে বিৰাজমান৷ এনেকুৱা কিছুসংখ্যক লোক এতিয়াও আছে, যি এই উৎসৱৰ বতৰতো পৰিয়ালৰ পৰা নিলগত থাকিবলগীয়া হৈছে৷ কাৰণ তেওঁলোক ক’ভিডত আক্ৰান্ত৷ সেয়েহে ক’ভিডৰ প্ৰতি লক্ষ্য ৰাখি কেনেকৈ আপোনালোকে দেৱালী উদ্‌যাপন কৰিব, সেই সন্দৰ্ভত লৈ আহিছোঁ এক বিশেষ প্ৰতিবেদন৷

What is Diwali? All About the 2021 Festival of Lights


(১) যদি আপোনালোকে দেৱালীত বাহিৰলৈ ওলাই যাবলৈ বিচাৰিছে, তেন্তে বহু ভিৰ থকা ঠাই তথা জুমৰ পৰা আঁতৰত থাকক৷ ইয়াৰ লগতে মাস্ক, ছেনিটাইজাৰ আদি লগত নিবলৈ নাপাহৰিব৷


(২) পিছে ছেনিটাইজাৰ ব্যৱহাৰ কৰোঁতে সাৱধান৷ আপুনি যদি চাকি জ্বলোৱা বা অন্য আতচবাজী জ্বলাব বিচাৰিছে, তেন্তে এলকহলযুক্ত ছেনিটাইজাৰ লগাই জুই জ্বলোৱা কাৰ্যত ভাগ নল’ব৷ মনত ৰাখিব হাত ধুইহে চাকি জ্বলাব৷


(৩) প্ৰতিবছৰে দেৱালীৰ পাছত বায়ু যথেষ্ট প্ৰদূষণ হোৱা দেখা যায়৷ আতচবাজী, ফটকা আদি ফুটুওৱাৰ ফলত এয়াৰ কোৱালিটি ইনডেক্সত যথেষ্ট প্ৰভাৱ পৰে৷ ইয়াৰ পৰা ওলোৱা কাৰ্বন-ডাই-অক্সাইড, কাৰ্বন মনোক্সাইড, ছালফাৰ-ডাই-অক্সাইড আদিয়ে হাঁওফাঁওত বিৰূপ প্ৰভাৱ পেলায়৷ গতিকে ক’ভিড-১৯-এ যিহেতু শ্বাস-প্ৰশ্বাসত বিৰূপ প্ৰভাৱ পেলায়, সেয়েহে বায়ু প্ৰদূষণ হোৱা মানে ক’ভিডত আক্ৰান্ত লোকসকলক আৰু বিপদলৈ ঠেলি দিয়া হ’ব৷

Pictures Show People Celebrating Diwali by Bursting Firecrackers


(8) এজমা ৰোগী তথা অন্য হাঁওফাঁওজনিত ৰোগীসকলৰ বাবে আতচবাজী, ফটকা আদিৰ পৰা ওলোৱা ধোঁৱা একেবাৰে উপযোগী নহয়৷ লগতে ইয়াৰ পৰা ওলোৱা শব্দই জীৱ-জন্তু, চৰাই-চিৰিকটিৰো যথেষ্ট অনিষ্ট সাধন কৰে৷ সেয়েহে মাটিৰ চাকি বা লাইট জ্বলাই পৰিৱেশ-অনুকূল দেৱালী উদ্‌যাপন কৰা উচিত৷


(৫) কেতিয়াও চিফন, চাটিনজাতীয় কাপোৰ পিন্ধি দেৱালীত ওলোৱাটো উচিত নহয়৷ এনেধৰণৰ কাপোৰত জুই লগাৰ সম্ভাৱনা অধিক হয়৷

এষাৰ কথা আছে– সাৱধানৰ মৰণ নাই৷ সেয়েহে আহক, পৰিৱেশ-অনুকূল দেৱালী উদযাপন কৰি পোহৰৰ উৎসৱটিক মধুময় কৰি তোলোঁ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here