ৰন্ধন গেছৰ খৰচ কমাব বিচাৰেনে? লওক এইকেইটা টিপ্‌ছ (Tips to curtail wastage of cooking gas)

0
297
বৰ্তমান ৰন্ধন গেছৰ দাম ইমানেই বৃদ্ধি পাইছে, যাৰ ফলত বিশেষকৈ সাধাৰণ শ্ৰেণীৰ লোকৰ মূৰত ৰামটাঙোন শোধোৱাৰ লেখীয়া হৈছে৷ সেয়েহে ইমান দাম ভৰি মাহ শেষ নৌহওঁতেই যাতে আকৌ গেছ কিনিবলগীয়া নহয়, তাৰ বাবে আপুনি গেছৰ খৰচ তথা ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া উচিত৷ সেইবাবে আজি আমি লৈ আহিছোঁ কেনেকৈ কম গেছ খৰচ কৰি আপোনালোকে খাদ্যবস্তু প্ৰস্তুত কৰিব পাৰে৷

(১) চাউল, দাইল, ৰাজমা বা অন্য শস্যজাতীয় খাদ্য বনোৱাৰ আধা ঘণ্টা আগতে তাক ভিজাই থ’লে কম গেছ খৰচ হয় আৰু সোনকালে খাদ্য প্ৰস্তুত হোৱাত সহায়ক হয়৷

Hungry and excited!: Home-style Rajma


(২) প্ৰায়ে আমি খাদ্য বনাই থাকোঁতে ইয়াৰ লগত ব্যৱহাৰ হোৱা সামগ্ৰীসমূহ বিচাৰি ফুৰোঁ৷ যাৰ বাবে অধিক সময় নষ্ট হয় আৰু গেছো অবাবত খৰচ হয়৷ সেয়েহে খাদ্য বনোৱাৰ আগতে যদি ইয়াৰ লগত ব্যৱহাৰ হোৱা সামগ্ৰীসমূহ যোগাৰ কৰি ৰাখো, তেন্তে গেছৰ খৰচ ৰাহি কৰিব পাৰি৷


(৩) খাদ্যত প্ৰয়োজনীয় পানীহে ব্যৱহাৰ কৰিব৷ অন্যথা অধিক পানী দিয়াৰ ফলত পানী শুকাই যোৱাত দেৰি হয় আৰু গেছো যথেষ্ট খৰচ হয়৷

10 Boiled Food Recipes for Healthy Lifestyle


(8) ফ্ৰীজত থোৱা খাদ্য, পাচলি আদি ৰন্ধাৰ আগতে কিছু সময় বাহিৰত থৈ নৰ্মেল টেম্পাৰেচাৰ হ’ব দিব লাগে৷ কিয়নো ফ্ৰীজৰ পৰা ওলাই আনিয়েই পাচলি বনাই দিলে সিজিবলৈ বহু সময় লয় আৰু গেছৰ খৰচ বৃদ্ধি পায়৷


(৫) ইয়াৰ উপৰি খাদ্য বনাওঁতে মিডিয়াম চিমত আৰু ঢাকোন ব্যৱহাৰ কৰিলে অতিৰিক্ত গেছৰ খৰচ হ্ৰাস কৰিব পাৰি৷

Instant Pots and the Compromise of Kitchen Convenience - The Atlantic

LEAVE A REPLY

Please enter your comment!
Please enter your name here