ৰক্ষকেই ভক্ষক ! ড্ৰাগ্‌ছ সৰবৰাহত জড়িত সেনাৰ জোৱান (When the protector becomes the looter! Army jawan involved in drug peddling!)

0
531
ডিব্ৰুগড়ত নিষিদ্ধ ড্ৰাগ্‌ছৰ সৰবৰাহত লিপ্ত থকাৰ অভিযোগত অসম ৰাইফল্‌ছৰ তিনিজন জোৱানসহ চাৰিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ ডিব্ৰুগড় জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়া, ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বলোৰাম তেৰাঙৰ নেতৃত্বত চলোৱা অভিযানত চহৰখনৰ উপকণ্ঠৰ জকাইৰ পৰা ২৬০ গ্ৰাম নিষিদ্ধ হেৰ’ইন জব্দ কৰাৰ লগতে অসম ৰাইফল্‌ছৰ কনিষ্টবল ৰঞ্জিত কুমাৰ সিন্‌হা, কনিষ্টবল বিনয় কুমাৰ, কনিষ্টবল জুনুষ খান আৰু পেজাহৌলী ৰূপৰিঅ’ নামৰ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰে৷ ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই জানিবলৈ দিয়া মতে, ডিমাপুৰৰ পৰা ২৬০ গ্ৰাম হেৰ’ইন বিক্ৰীৰ বাবে তিনিচুকীয়ালৈ নি থকা অৱস্থাত জকাইত NL-11-2673 নম্বৰৰ জেনন আৰু AS-07-L-4096 নম্বৰৰ বলেৰ’ বাহনখনত তালাচী চলোৱা হৈছিল৷ ধৃত লোককেইজনে ডিমাপুৰৰ এগৰাকী মহিলাৰ পৰা হেৰ’ইনখিনি ক্ৰয় কৰি আহি থকা অৱস্থাত দেৰগাঁৱত জেনন বাহনখনত চলোৱা হৈছিল তালাচী৷ কিন্তু এই তালাচীত কোনো সামগ্ৰী নোপোৱাত সৰবৰাহকাৰীয়ে কৌশলেৰে দেৰগাঁৱৰ পৰা বলেৰ’ বাহনখনত ড্ৰাগ্‌ছখিনি পুনৰ লৈ আহে৷ দেৰগাঁও আৰক্ষীয়ে এই খবৰ পোৱাৰ পিছতে ডিব্ৰুগড়ৰ আৰক্ষীক অৱগত কৰে৷  ডিব্ৰুগড় আৰক্ষীয়ে চলোৱা অভিযানত এই সাফল্য লাভ কৰে৷ কহিমাত কৰ্মৰত অসম ৰাইফল্‌ছৰ তিনি জোৱানসহ অসামৰিক লোকজনে আৰক্ষীৰ আগত হেৰ’ইনখিনি সৰবৰাহৰ কথা স্বীকাৰ কৰিছে৷ জব্দকৃত হেৰ’ইনখিনিৰ বজাৰমূল্য প্ৰায় ১ কোটি টকা বুলি অনুমান কৰা হৈছে৷ অসামৰিক পোছাকত গ্ৰেপ্তাৰ কৰা ধৃত জোৱানকেইজনৰ বিৰুদ্ধে ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে সদৰ থানাত 2036/21 নম্বৰৰ গোচৰ ৰুজু কৰি NDPS আইনৰ অধীনত 22(C)/27/291 ধাৰাত গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here