মহানগৰৰ বাট-পথ পৰিষ্কৰণৰ বাবে কি এই অত্যাধুনিক ব্যৱস্থা ? What is this ultra modern initiative to clean up the city streets and lanes?

0
432
গুৱাহাটী পৌৰ নিগমে গুৱাহাটী মহানগৰীৰ বাট-পথসমূহ চাফ-চিকুণ কৰিবলৈ নিতৌ নতুন পদক্ষেপ গ্ৰহণ কৰিছে৷ তাৰ অংশ হিচাপে এতিয়াৰে পৰা মহানগৰীখনৰ বাট-পথ পৰিষ্কাৰ কৰাৰ বাবে অত্যাধুনিক মেচিন ব্যৱহাৰ কৰা হ’ব৷ গুৱাহাটী পৌৰ নিগমৰ চাফাই কৰ্মীৰ পৰিৱৰ্তে এমাহৰ ভিতৰতে লাখটকীয়া মেচিন বাট-পথৰ চাফ-চিকুণত ব্যৱহাৰ কৰা হ’ব৷ গুৱাহাটী পৌৰ আয়ুক্ত দেৱাশিস শৰ্মাই জনোৱা অনুসৰি গুৱাহাটী মহানগৰী পৰিষ্কাৰ কৰাৰ বাবে মুঠ চাৰিটা ছুইপিং মেচিন অনা হ’ব৷ ইয়াৰ জৰিয়তে অতি সহজে ক্ষিপ্ৰতাৰে আৰু চাফাই কৰ্মীৰ কষ্ট লাঘৱ কৰাৰ উদ্দেশ্যে এই মেচিনকেইটা ক্ৰয় কৰা হ’ব৷ এতিয়াৰে পৰা যিমান সম্ভৱ অত্যাধুনিক মেচিনেৰে মহানগৰীৰৰ উন্নয়ন কৰিব বুলিও তেওঁ লগতে জানিবলৈ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here