সিংহৰ দৰে আছে নৰসিংহ পাতৰ শক্তি Curry leaves make you strong like a lion

0
404
     আমাৰ ওচৰে-পাঁজৰে দেখিবলৈ পোৱা নৰসিংহ এবিধ ঔষিধ গুণসম্পন্ন উদ্ভিদ৷ অতীতৰে পৰা এইবিধ উদ্ভিদ আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত হৈ আহিছে৷ ইয়াৰ গুণাগুণৰ বিয়য়ে জানো আহক৷

(১) নৰসিংহৰ পাতত কেলচিয়াম, আইৰন, জিংক আদি থাকে বাবে ৰক্তহীনতা দূৰ কৰিবলৈ এই পাত উপকাৰী৷


(২) নৰসিংহৰ পাতত কাৰ্বাজল নামৰ এলকালয়ড থাকে, যিয়ে লিভাৰক সুৰক্ষা প্ৰদান কৰে৷ ইয়াৰ পাত সেৱন কৰিলে লিভাৰৰ হেপাটাইটিছ আৰু চিৰোছিছ হোৱাৰ আশংকা হ্ৰাস পায়৷


(৩) ডায়েবেটিছ ৰোগীৰ বাবে নৰসিংহৰ পাত অতি উত্তম৷ ইয়াত থকা কাৰ্বাজল নামৰ উপাদান মধুমেহ ৰোগৰ বাৰে যথেষ্ট কাৰ্যকৰী৷

Benefits of Curry Leaves And Its Side Effects | Lybrate


(8) ভিটামিন, এণ্টিঅক্সিডেণ্ট আৰু এণ্টিইনফ্লেমেটৰী গুণেৰে সমৃদ্ধ নৰসিংহৰ পাত হৃদযন্ত্ৰৰ বাবে উপকাৰী৷ শৰীৰৰ বেয়া কলেষ্টৰেল নিয়ন্ত্ৰণ কৰি হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে নৰসিংহৰ পাতে৷


(৫) নৰসিংহৰ পাতত ভেঁকুৰ আৰু প্ৰতিজৈৱিক নাশ কৰিব পৰা উপাদান আছে৷ সেয়েহে শৰীৰৰ বীজাণু সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে ইয়াৰ পাত সেৱন কৰিলে সুফল পোৱা যায়৷


(৬) নৰসিংহৰ পাতত ভিটামিন-A, ফলেট, ভিটামিন-C আদি থাকে বাবে ছালৰ বাবে যথেষ্ট উপকাৰী৷ ছালৰ বিভিন্ন ৰোগ প্ৰতিৰোধ, ছালৰ এলাৰ্জি, ছালখন সতেজ, উজ্জ্বল কৰি ৰাখিবলৈ নৰসিংহৰ পাত সেৱন কৰিব পাৰে৷ ইয়াৰ বাহিৰেও ইয়াৰ পাত ফেশ্বপেক হিচাপে ছালত লগালে ছালৰ বিভিন্ন সমস্যা, যেনে– শালমইনা, বয়সৰ চাপ, ব্ৰুণ, ছালৰ দাগ আদি নাইকিয়া কৰে৷


(৭) চুলিৰ বাবে নৰসিংহৰ পাত যথেষ্ট উপকাৰী৷ ইয়াৰ পাত সেৱন কৰাৰ উপৰি পাতৰ পৰা প্ৰস্তুত কৰা ৰস চুলিত লগালে চুলিয়ে পৰিপুষ্টি লাভ কৰে৷ চুলিৰ প্ৰাকৃতিক ৰং ঘূৰি অহাত, চুলিৰ গুৰি শক্তিশালী হয়, চুলি সৰা বন্ধ হয়, চুলি মসৃণ আৰু উজ্জ্বল হয়৷


(৮) চকুৰ দৃষ্টিশক্তি ধৰি ৰাখিবলৈ ভিটামিন-A-ৰে সমৃদ্ধ নৰসিংহৰ পাত সেৱন কৰিব পাৰে৷ ইয়াৰ উপৰি মুখৰ দুৰ্গন্ধ নাইকিয়া কৰিবলৈ, কফজনিত বিকাৰ নিৰাময়ৰ বাবে ইয়াৰ পাতৰ ৰস খালে সুফল পোৱা যায়৷


(৯) নৰসিংহৰ পাতত ডাইক্লৰ’মিথেন, ইথানল এচিড থাকে বাবে শৰীৰৰ ওজন হ্ৰাসৰ বাবে ইয়াৰ পাত অত্যন্ত লাভজনক৷


(১০) মহিলাৰ ঋতুস্ৰাৱ অনিয়মীয়া হোৱা, পেটৰ বিষ, দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা, গাৰ খজুৱতি নিৰাময়, অৰুচি আৰু বমি ভাব নোহোৱা কৰিবলৈ, পেটৰ কামোৰণি বা কীট-পতংগই কামুৰিলে বিষ-যন্ত্ৰণা নাইকিয়া কৰিবলৈ নৰসিংহৰ পাত অত্যন্ত কাৰ্যকৰী হিচাপে কাম কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here