৬ ছেপ্টেম্বৰৰ ভিতৰত চৰকাৰী কৰ্মচাৰীৰ ভেক্‌চিন বাধ্যতামূলক

0
816
ভেকচিন গ্ৰহণ নকৰা ৰাজ্যৰ প্ৰতিজন চৰকাৰী বিষয়া-কৰ্মচাৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে তিনি দিনৰ ভিতৰত ভেকচিন ল’ব লাগিব৷ ৬ ছেপ্টেম্বৰত ৰাজ্যৰ প্ৰতিটো চৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠানৰ সন্মুখত ‘আমি টিকাকৰণ কৰিলোঁ’ বুলি নাম ফলক লগাব লাগিব৷ ভেক্‌চিন গ্ৰহণৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ৰাজ্যৰ সকলো চৰকাৰী বিষয়া-কৰ্মচাৰীৰ লগতে শিক্ষানুষ্ঠানসমূহলৈ এই আহ্বান জনায়৷ স্বাস্থ্য মন্ত্ৰী মহন্তই  কয় যে প্ৰত্যেক চৰকাৰী কাৰ্যালয়ৰ মুৰব্বী বিষয়াই নিজ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলে কভিড প্ৰতিষেধক গ্ৰহণ কৰিছে নে নাই সেয়া পৰীক্ষা কৰিব লাগিব৷ কোনে কেতিয়া ভেক্‌চিন লৈছে, কাৰ্যালয়ৰ মুৰব্বী বিষয়াই তাৰ তালিকা প্ৰস্তুত কৰিব৷ এতিয়ালৈকে এপালিও প্ৰতিষেধক নোলোৱা বিষয়া-কৰ্মচাৰীক  তিনি দিনৰ ভিতৰতে প্ৰথম পালি ভেক্‌চিন লোৱাটো সংশ্লিষ্ট কাৰ্যালয়ৰ মুৰব্বী বিষয়াই সুনিশ্চিত কৰিব লাগিব৷ তদুপৰি এইপৰ্যন্ত এপালিও প্ৰতিষেধক গ্ৰহণ নকৰা চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে অহা তিনি দিনৰ ভিতৰত কভিড প্ৰতিষেধক গ্ৰহণ কৰিব লাগিব বুলি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই স্পষ্ট কৰি দিয়ে৷ ৰাজ্যৰ প্ৰতিজন লোকেই যাতে ভেক্‌চিন গ্ৰহণ কৰাৰ পৰা বাদ পৰি নাযায় তাৰ বাবে প্ৰয়োজন সাপেক্ষে পদূলিয়ে পদূলিয়ে ভেক্‌চিন প্ৰদান কৰা হ’ব বুলি মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰী মহন্তই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here