বজাৰত ব্যতিক্ৰমী লিকুইড হেণ্ডৱাশ্ব Handuser-G

0
372
কৰ’না মহামাৰীৰ এই ভয়াৱহ পৰিৱেশৰ সময়ত স্বাস্থ্যসন্মত হেণ্ড ছেনিটাইজাৰ Handuser-C, পৰিৱেশ ছেনিটাইজাৰ, এনভোইউজাৰ-৫, ছাৰ্ফেছ ছেনিটাইজাৰ, ছাৰ্ফোইউজাৰ-এ প্ৰস্তুত কৰাৰ পাছত এইবাৰ GRD Pharmaceuticals-এ নিৰ্মাণ কৰি উলিয়াইছে নতুন প্ৰিমিয়াম লিকুইড হেণ্ডৱাছ, Handuser-G ৷ GRD Pharmaceuticals-ৰ ড॰ জি ডি ধনুকাই জানিবলৈ দি কয় যে Handuser-G হৈছে জি আৰ ডি ফাৰ্মাচিউটিকেল্‌ছৰ দ্বাৰা নিৰ্মাণ কৰা নতুন ব্যক্তিগত পৰিচ্চন্নতা সামগ্ৰী৷ একেদৰে Handuser-G-এ গৱেষণাৰ ওপৰত ভিত্তি কৰি বাছনি কৰা ফৰ্মুলেশ্যন লৈ আহিছে যি বীজাণুৰ বিৰুদ্ধে উচ্চ স্তৰৰ সুৰক্ষা প্ৰদান কৰে৷ ট্ৰাইক্লোচানৰ অতিৰিক্ত উপস্থিতিৰ সৈতে মিশ্ৰণত প্ৰস্তুত কৰা হৈছে Handuser-G ৷ একেদৰে এই হেণ্ডৱাছ Handuser-G-এ ক্ষতিকাৰক বীজাণু আৰু অবাঞ্ছিত কীটনাশকৰ বিৰুদ্ধে সৰ্বোচ্চ স্তৰত সুৰক্ষা প্ৰদান কৰে৷ উত্তৰ-পূবৰ বজাৰত বিভিন্ন পেকেজিঙৰ সৈতে এই সামগ্ৰী উপলব্ধ হৈছে৷ ড॰ জি ডি ধনুকাই আৰু কয় যে কৰ’না মহামাৰীৰ এই জটিল ক্ষণত কভিডৰ বিৰুদ্ধে GRD Pharmaceuticals-এ উত্তৰ-পূবৰ প্ৰতিটো শ্ৰেণীৰ লগতে নিৰ্ভৰযোগ্য প্ৰতিৰক্ষামূলক সামগ্ৰী যোগান ধৰিবলৈ সক্ষম হৈছে৷ GRD Pharmaceuticals উত্তৰ-পূব ভাৰতৰ প্ৰথমটো কোম্পানী, যিয়ে ২০১২ চনৰ পৰাই এলকহল আধাৰিত হেণ্ডৰাৱ হেণ্ডইউজাৰ-চি প্ৰস্তুত কৰি উলিয়াইছে৷ GRD Pharmaceuticals হৈছে ‘ISO’ ৯০০১ -২০১৫ৰ স্বীকৃতিপ্ৰাপ্ত আৰু তেওঁলোকৰ ব্ৰেণ্ড খ্যাতিয়ে নতুন হেণ্ডৱাছৰ পৰা উন্নত মান আশা নিশ্চিত কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here