২৬ বছৰীয়া ক’ৰোনা প’জিটিভ অন্তসত্ত্বাই জন্ম দিলে চাৰিটাকৈ সন্তান !!

0
1404

নিউজ হে’লথ্ প্লাছ, ২৬ ছেপ্টেম্বৰ, ২০২০: উত্তৰ প্ৰদেশৰ দেওৰা জিলাৰ বাসিন্দা তেওঁ। ন মাহৰ অন্তসত্ত্বা। বয়স ২৬ বছৰ। ৰাতি আহিল প্ৰসৱ বেদনা। দৌৰা-দৌৰিকৈ লৈ গৈ ভৰ্তি কৰোৱা হ’ল বি আৰ দি চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত। নিয়মমতেই ক’ৰোনা পৰীক্ষা কৰা হ’ল। কিন্তু বিধিৰ বিধান – ক’ৰোনা আহিল প’জিটিভ। অৱশ্যে চিকিৎসকে মানৱ সেৱাৰ প্ৰতিজ্ঞা সাৰোগত কৰি লগি গ’ল প্ৰসৱিনীক চিকিৎসা প্ৰদান কৰা কামত। যথা সময়ত জন্ম হ’ল এটা এটাকৈ চাৰিটা সন্তান। এটি সন্তান কৃত্ৰিম অম্লজানৰ সহায়ত শ্বাস-প্ৰশ্বাস লৈ থকাৰ বিপৰীতে তিনিটি সন্তান শাৰিৰীকভাৱে সম্পূৰ্ণই সুস্থ বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে। অৱশ্যে আটাইকেইটি নৱজাতকৰে ক’ৰোনা পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা কৰা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here