ঘৰৰ আচবাব উঁইপোকৰ পৰা কিদৰে সুৰক্ষিত ৰাখিব ?

0
34

উঁইপোকৰ উৎপাতত ঘৰৰ কাবþ আচবাব, কাঠৰ দুৱাৰ-খিৰিকী আদি সুৰক্ষিতভাৱে ৰখাই অসুবিধা হৈ পৰে৷ আনহাতে ঘৰৰ দামী ফাৰ্নিচাৰবোৰ কম দিনৰ ভিতৰতে নষ্ট কৰি পেলায় উঁইপোকে৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বজাৰত পোৱা বিভিন্ন ঔষধ প্ৰয়োগ কৰিলেও কিছুদিন উপদ্ৰৱ কমি থাকে যদিও ইয়াৰ ম্যাদ শেষ হ’লে পুনৰ উঁইৰ অত্যাচাৰ আৰম্ভ হয়৷ সেয়ে কিছু ঘৰুৱা উপায়ৰে তথা কোনো টকা খৰচ নোহোৱাকৈয়ে উঁইপোকৰ উৎপাত কমাব পৰা যায়৷ উঁইপোকৰ উপদ্ৰৱ নোহোৱা কৰিবলৈ এইবোৰ উপায় অৱলম্বন কৰিব পাৰে৷
নিম হ’ল উঁইপোকৰ যম৷ নিমৰ তেল উঁইপোক নিবাৰণৰ বাবে অত্যন্ত কাৰ্যকৰী৷ আপোনাৰ ঘৰত থকা আচবাব, ফাৰ্নিচাৰ আদিত নিমৰ তেল ভালদৰে ছটিয়াই দিলে দেখিব উঁহপোকৰ উপদ্ৰৱ আপোনা আপুনি কমি গৈছে৷
সহজে পোৱা কাজিনেমুৰ জৰিয়তে সহজে উঁইৰ উপদ্ৰৱ কমাব পাৰি৷ ইয়াৰ বাবে নেমুৰ ৰস উলিয়াই ইয়াৰ সৈতে ভিনেগাৰ মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰি লওক৷ এই মিশ্ৰণটোৱে কাঠৰ আচবাব, দৰ্জা, খিৰিকী আদিত ভালগৰে ঘঁহি দিয়ক৷ দেখিব ইয়াৰ পাছত আৰু কেতিয়াও উইপোকে এইবোৰ নষ্ট কৰিব নোৱাৰে৷
ইয়াৰ উপৰি নিমখ গৰম কৰি কাঠৰ ওপৰত লগাই দিব পাৰে৷ এনে কৰাৰ ফলত কেতিয়াও উইপোকে আক্ৰমণ কৰিব নোৱাৰে৷ আনহাতে পানীত লং মিহলাই এইবোৰ আচবাবত লগাই দিলেও উঁইপোকৰ পৰা সুৰক্ষিত কৰিব ৰাখিব পাৰি৷
সকলোৰে ঘৰত নহৰু থাকেই৷ সেই নহৰুৰ তেল প্ৰস্তুত কৰি মাজে মাজে কাঠৰ সামগ্ৰীবোৰত লগালে উঁইপোকৰ পৰা ৰক্ষা কৰিব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here