ইমান দিনে ১০০% খাটি সৰিয়ঁ‌হৰ তেলৰ নামত আপুনি খাই আছিলে বৰবিষ ?

0
1571

নিউজ হে’লথ্ প্লাছ, ২৬ ছেপ্টেম্বৰ, ২০২০: আপুনি মিঠাতেল খায় নিশ্চয়। মিঠাতেল অবিহনে এখন সুস্বাদু ব্যঞ্জন অসম্ভৱপ্ৰায়। কিন্তু আমি কম সংখ্যকেহে খেতিপথাৰত উৎপন্ন খাটি সৰিয়ঁ‌হৰ তেল মিঠাতেল হিচাপে খাবলৈ পাওঁ‌। কিয়নো, আমাৰ উৎপাদনো কম আৰু লগতে উৎপাদিত অংশৰ লগত আইনগতভাৱেই ২০% পৰ্যন্ত অন্যান্য তেল সৰিয়ঁ‌হৰ তেলৰ লগত মিহলি কৰি পেকেটিং বা  বিক্ৰি কৰাৰ বাবে অনুমতি আছিল।

কিন্তু ই এবিধ বৰবিষস্বৰূপ। এই কথা দেৰিকৈ হ’লেও উপলব্ধি কৰিলে চৰকাৰে। সেয়েহে ভাৰত চৰকাৰৰ সংস্থা Food Safety And Standard Authority of India (fssai) এ এই ক্ষেত্ৰত এক নিষেধাজ্ঞা জাৰি কৰি কৈছে যে কোম্পানীসমূহে পেকেটিং কৰি সৰিয়ঁ‌হৰ তেল বুলি বিক্ৰী কৰা মিঠাতেলত অহা ১ অক্টোৱৰৰ পৰা কোনো অন্য তেল মিহলি কৰিব নোৱাৰিব।

২০% পৰ্যন্ত অন্য তেল মিহলিৰ অনুমতিও fssai ই উঠাই লয়।

গ্ৰাহকক ১০০% খাটি সৰিয়ঁ‌হৰ তেল যোগান ধৰি ৰোগমুক্ত কৰি ৰখাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here