ভাৰতত পোৱা গ’ল বিশ্বৰ সকলোতকৈ ডাঙৰ সাপৰ জীৱাশ্ম

0
38

ভাৰতৰ গুজৰাটত সন্ধান পোৱা গ’ল বৃহদাকায় এক সাপৰ জীৱাশ্মৰ৷ আৱিষ্কৃত এই সাপৰ জীৱাশ্মৰ দৈৰ্ঘ্য প্ৰায় ৫০ ফুট আৰু ইয়াৰ ওজন কমেও এক টন হ’ব পাৰে বুলি অনুমান কৰা হৈছে৷ বিজ্ঞানীসকলে সদৰী কৰা মতে এইটো হ’ল এইপৰ্যন্ত আৱিষ্কৃত বিশ্বৰ দীৰ্ঘতম সাপৰ জীৱাশ্ম৷ ভাৰতীয় সংবাদ মাধ্যমৰ খবৰ অনুযায়ী গুজৰাটৰ কচ্ছ জিলাৰ এটা খনি এলেকাৰ পৰা এই জীৱাশ্মৰ সন্ধান পোৱা গৈছে৷ ২০০৫ চনত আইআইটি ৰুৰকীৰ বিজ্ঞানীয়ে এই জীৱাশ্মটোৰ অস্তিত্ব লাভ কৰিছিল৷ আনহাতে খনিৰ পৰা এই সাপৰ মেৰুদণ্ডৰ ২৭ টা কশেৰুকাৰ অংশ উদ্ধাৰ কৰিবলৈ সক্ষম হয় বিজ্ঞানীয়ে৷ এই সাপৰ জীৱাশ্মৰ নাম দিয়া হৈছে বাসুকী ইণ্ডিকাছ৷ বিজ্ঞানীসকলে এই প্ৰজাতিৰ সাপক ভাৰতৰ প্ৰাগৈতিহাসিক জীৱ বৈচিত্ৰ্যৰ অন্যতম বিশেষ নিদৰ্শন হিচাপে জনা হৈছে৷ অধ্যাপক সুনীল বাজপেয়ী আৰু দেৱজিত দত্তৰ নেতৃত্বত এই জীৱাশ্মৰ নমুনা সংগ্ৰহ, বিশ্লেষণ, গৱেষণা আৰু সমীক্ষা সম্পন্ন কৰা হৈছে৷ এই প্ৰসংগত দেৱজিত দত্তই কৈছে যে বাসুকী আছিল খুব ধীৰ চলনশক্তিসম্পন্ন বৃহদাকাৰৰ একধৰণৰ সাপ৷ সাধাৰণতে ঠাণ্ডা তথা শীতল, ভিজা ঠাইত থাকে এই সাপবিধ৷ আনাকোণ্ডা আৰু পাইথনৰ দৰে এই সাপবিধেও চিকাৰ ধৰি খাদ্য গ্ৰহণ কৰে৷ বাসুকী ইণ্ডিকাছৰ সৈতে টিটানোৰোয়া সাপৰ তুলনা কৰা হয়৷ কলম্বিয়াত এই সাপৰ জীৱাশ্ম পোৱা যায়৷ ইয়াৰ দৈৰ্ঘ্য ৪৩ ফুটপৰ্যন্ত হয়৷ সেই দিশৰ পৰা বাসুকী বিশ্বৰ সকলোতকৈ ডাঙৰ সাপ আছিল বুলি ঠাৱৰ কৰিছে বিজ্ঞানীয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here