চিৰা খালে ডায়েবেটিছ বাঢ়ে নেকি? জানক সবিশেষ

0
33

গৰমৰ দিনকেইটাত লঘু আহাৰ হিচাপে চিৰা অতুলনীয়৷ উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ দৈৰ সৈতে গুৰ মিহলাই চিৰা খালে পেট ঠাণ্ডাৰ পৰাৰ লগতে শৰীৰে শক্তি লাভ কৰে৷ দৈ-চিৰা-কলৰ সংমিশ্ৰণ সুস্বাদু হোৱাৰ লগতে মন-প্ৰাণো জুৰায়৷ সেয়ে সাধাৰণতে বহুৰে মনত প্ৰশ্ন উঠে ডায়েবেটিছ ৰোগীয়ে চিৰা খোৱা স্বাস্থ্যৰ পক্ষে ভালনে? ব্লাড ছুগাৰ ৰোগীয়ে চিৰা খাব পাৰেনে? চাউলৰ পৰা প্ৰস্তুত হোৱা চিৰা খালে ডায়েবেটিছ বাঢ়ে নেকি? পুষ্টিবিদে এই প্ৰসংগত কয় যে চিৰাৰ গ্লাইছেমিক ইনডেক্স ৩৮ ৰপৰা ৬৪৷ চাউলৰ অন্যান্য খাদ্যৰ তুলনাত এই মাত্ৰা যথেষ্ট কম৷ সেয়ে চিৰা হজম হ’বলৈও বেছি সময় লাগে৷ প্ৰ’বায়’টিক চিৰাই শৰীৰৰ ওজন কমোৱাত সহায় কৰে৷ চিৰাত থকা ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্টে ব্লাড ছুগাৰ নিয়ন্ত্ৰণত সহায় কৰে৷ ইয়াৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি শৰীৰৰ শক্তি বঢ়োৱাতো সহায় কৰে৷ ভাতৰ তুলনাত চিৰাত ষ্টাৰ্চ কম পৰিমাণে পোৱা যায়৷ সেয়ে ডায়েবেটিছ ৰোগীয়ে চিৰা খোৱাত কোনো অসুবিধা নাই৷ আনহাতে আইৰনৰ ভাণ্ডাৰ চিৰা শৰীৰত ৰক্তকণিকা তৈয়াৰ কৰাত সহায় কৰে৷ কেলচিয়াম, আইৰন, ফলিক এচিড আদিৰে ভৰপূৰ চিৰাই কাৰ্বসক এনাৰ্জি বা কৰ্মশক্তিলৈ পৰিণত কৰে৷ সেয়ে ডায়েবেটিছত আক্ৰান্ত লোকে পুৱা জলপান অথবা ৰাতি লঘু আহাৰ হিচাপে চিৰা খাব পাৰে, কিয়নো চিৰা সহজপাচ্য৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here