একেলগে ৩৬০ কিলোগ্ৰাম ব্যৱহৃত কনড’ম উদ্ধাৰ ! কিন্তু ক’ত এই ঘটনা?

0
2215

নিউজ হে’লথ্ প্লাছ, ২৫ ছেপ্টেম্বৰ, ২০২০: ক’ৰোনাই আমাক কি কি শিকোৱা নাই?  কি কি কৰাই যোৱা নাই?

ভিয়েটনামতো একেই ঘটনা। আচলতে সবিশেষ কি?

মালয়েচিয়াই অকলে  প্ৰস্তুত কৰে গোটেই পৃথিৱীৰ ২০% কনড’ম। প্ৰতি ৫ টা কনড’মৰ ১ টা কনড’ম প্ৰস্তুত কৰে মালয়েচিয়াই। কিন্তু ক’ৰোনাকৃত ল’কডাউনৰ বাবে মাৰ্চ মাহত ১০ দিনৰ বাবে বন্ধ আছিল মালয়েচিয়াৰ সকলো দোকান-পোহাৰ, বজাৰ-সমাৰ আদি।  অৱধাৰিতভাৱেই বন্ধ আছিল কনড’ম প্ৰস্তুতকাৰী কোম্পানীও। ইতিমধ্যে ক’ৰোনাকৃত পৰিস্থিতিয়ে পতি-পত্নীৰ মাজৰ দুৰত্ব কমাই আনিছিল। লগে লগে কনড’মৰ নাটনি দেখা দিছিল মালয়েচিয়াত। কনড’মৰ নাটনি হৈছিল ভিয়েটনামতো। ফলত কনড’মৰ অভাৱ পুৰনৰ প্ৰয়োজনীয়তা আহি পৰে।

লগে লগে প্লেনিং আৰম্ভ। যিমান পৰা যায় ব্যৱহৃত কনড’ম যোগাৰ কৰাৰ ব্যৱস্থা কৰা হয়। ভিয়েটনাম টেলিভিচনত প্ৰকাশ পোৱা তথ্য অনুসৰি ভিয়েটনামৰ এগৰাকী অজ্ঞাত লোকে এই ব্যৱহৃত কনড’মসমূহ যোগাৰ কৰে। কনড’মসমূহ পানীৰে ধুই পুৰুষৰ জননাংগাকৃতিৰ কাঠৰ টুকুৰাৰে নতুন কনড’মৰ আকাৰ-আকৃতি দি পেকেটিং কৰাৰ যো-যা কৰা হৈছিল। এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ ব্যৱহাৰৰ বাবে সাজু কৰা এই ৩,৪৫,০০০ টা কনড’মখিনিৰ ওজন ৩৬০ কিলোগ্ৰাম।

গোটেই পৃথিৱী আজি চেক্সুৱেলি ট্ৰেঞ্চমিটেড ডিজিজ আদিৰ বাবে সজাগ হোৱাৰ সময়তে পোহৰলৈ অহা এই

এবাৰ ব্যৱহাৰ কৰা  কনড’মৰ পুনৰ ব্যৱহাৰ প্ৰক্ৰিয়াই সকলোকে হতচকিত কৰি তুলিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here