১ কোটি ৭০ লাখ টকাৰ নিচাজাতীয় টেবলেট জব্দ : ক’ত ?

0
201

কাছাৰত বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰে৷ বি এছ এফ আৰু কৰিমগঞ্জ শুল্ক বিভাগৰ যুটীয়া অভিযানত কালাইনৰ হিলাৰাত জব্দ কৰে ১৭ হাজাৰ নিচাজাতীয় য়াবা টেবলেট৷ ৮৯টা সৰু পেকেটত অনা হৈছিল টেবলেটসমূহ৷ এম এল ০৫ পি ৮৬৫৪ নম্বৰৰ অল্ট’ গাড়ীখনত তালাচী চলাই জব্দ কৰে এই  বুজন পৰিমাণৰ টেবলেটখিনি৷ মেঘালয়ৰ পৰা শিলচৰৰ উদ্দেশ্যে সৰবৰাহৰ সময়ত টেবলেটসমূহ জব্দ কৰা হয়৷ টেবলেটৰ সৈতে অল্ট’ গাড়ীখনৰ চালকজনকো গ্ৰেপ্তাৰ কৰা হয়৷ জব্দ কৰা টেবলেটৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য ১ কোটি ৭০ লাখ টকা বুলি সদৰী কৰিছে শুল্ক আৰু বি এছ এফে৷ লগতে চালকজনৰ পৰা এটা ম’বাইল ফ’ন আৰু নগদ ৭ হাজাৰ টকা জব্দ কৰা হয়৷ পাছত টেবলেট অল্ট’ গাড়ীসহ ধৃত চালকজনক শুল্ক বিভাগে নিজৰ জিম্মাত চমজি লয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here