বজাৰত জুই : নিত্য ব্যৱহাৰ্য প্ৰতিবিধ সামগ্ৰীৰে দাম বৃদ্ধি

0
453

বজাৰত এক প্ৰকাৰ জুই জ্বলিছে৷ নিত্য ব্যৱহাৰ্য প্ৰতিবিধ সামগ্ৰীৰে দাম নিতৌ বৃদ্ধি পাইছে৷ আনকি সৰ্বসাধাৰণ লোকৰ মূৰত মাধমাৰ শোধাই ব্যৱসায়ীসকলে শেহতীয়াকৈ কণীৰো অভাৱনীয়ভাৱে দাম বৃদ্ধি কৰিছে৷ একমাত্ৰ কণীৰে নহয় যোৱা এটা মাহৰ ভিতৰতে ঔষধ আৰু শিশু খাদ্যৰ দামো হোৰাহোৰে বৃদ্ধি পাইছে৷ পৰিস্থিতি এনে  হৈছেগৈ যে বজাৰলৈ নতুন আলু অহাৰ পাছতো এতিয়াও হ্ৰাস পোৱা নাইপুৰণা আলুৰ দাম৷ আজিৰ তাৰিখতো পুৰণা আলুৰ দাম কেজিত ২৫-৩০ টকাকৈ বিক্ৰী হৈ আছে৷ ইয়াৰ মাজতে হঠাতে বৃদ্ধি পাইছে কণীৰ দাম৷  প্ৰতিপ্লেট সাধাৰণ কণীৰ দাম ২২০ টকা পৰ্যন্ত বৃদ্ধি পোৱাত এতিয়া খুচুৰা বজাৰত এটা কণীৰ দাম হৈছেগৈ ৮ টকা৷ এনে পৰিস্থিতিত সাধাৰণ লোকে এতিয়া কণী খাবলৈকে এৰিছে৷ ব্যৱসায়ীসকলৰ মতে উৎপাদনথলীতে কণীৰ উৎপাদন হ্ৰাস পাইছে, যাৰ ফলত দাম বৃদ্ধি পাইছে৷ আনহাতে পৰিবহণ ব্যয়ো বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰিছে একাংশ ব্যৱসায়ীয়ে৷ 
ইফালে যোৱা কিছুদিনৰ পৰা কিছুমান বিশেষ ঔষধৰ দাম তিনি মাহৰ ভিতৰতে দুবাৰকৈ বৃদ্ধি পাইছে৷ বিশেষকৈ মাল্টি ভিটামিন, প্ৰটিন পাউডাৰ, লিভাৰৰ দৰব, কফ ছিৰাপ, এণ্টি এনাৰ্জিক দৰবৰ দাম ২৫-৩০ টকা পৰ্যন্ত বৃদ্ধি পাইছে৷ তথ্য অনুসৰি মল্টেক এল চিৰ এণ্টি এলাৰ্জিক দৰবৰ দাম ১৯৭ টকাৰ পৰা ২০৯ টকালৈ, ইনছিউৰৰ দৰে প্ৰটিন পাউডাৰৰ দাম ৫৮৫ টকাৰ পৰা ৭১০ টকালৈ বৃদ্ধি পাইছে৷ একেদৰে জনপ্ৰিয় শিশু খাদ্য চেৰেলেক ৰাইচৰ দাম ২২৫ টকাৰ পৰা ২৩৪ টকালৈ, প্ৰতি পেকেট লেক্ট’জেনৰ দাম ৩৭০ টকাৰ পৰা ৩৯৫ টকালৈ বৃদ্ধি পাইছে৷ নেন’গ্ৰেৰ দামো ৫৫০ টকাৰ পৰা ৫৮৫ টকা হৈছেগৈ৷  সকলোতকৈ ডাঙৰ কথা যে শিশু খাদ্যৰ দাম চলিত বছৰতে দুই-তিনিবাৰকৈ বৃদ্ধি পাইছে৷ যাৰ ফলত শিশুৰ অভিভাৱকসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷  মন কৰিবলগীয়া কথা যে নিত্য ব্যৱহাৰ্য  সামগ্ৰীৰ পৰা আৰম্ভ কৰি ঔষধ, শিশুৰ খাদ্যলৈকে প্ৰতিবিধ সামগ্ৰীৰ এনেদৰে দাম বৃদ্ধি হোৱাৰ পাছতো চৰকাৰে এইক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই৷ যাৰ ফলত ঔষধ, শিশু খাদ্যৰ দৰে সামগ্ৰী প্ৰস্তুত কৰা কোম্পানীসমূহে নিজৰ খেয়াল খুচি অনুসৰি সামগ্ৰীৰ দাম বৃদ্ধি কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here