বৰ্তমান অসমৰ কিমান শিশু ৰক্তহীনতাত আক্ৰান্ত জানেনে ?

0
161

ৰাজ্যৰ স্বাস্থ্য খণ্ডত বৃহৎ সফলতা লাভ কৰা বুলি ঢাক-ঢোল বজাই থাকিলেও শেহতীয়াভাৱে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনৰ প্ৰকাশিত তথ্যত পোহৰলৈ আনিছে এক বিপৰীত ছবি৷ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ প্ৰকাশিত প্ৰতিবেদনত ৰাজ্যত পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে ৰক্তহীনতাত আক্ৰান্ত শিশুৰ সংখ্যা৷ আনহাতে উত্তৰ-পূব ৰাজ্য মণিপুৰ, মিজোৰাম, নগালেণ্ডত ৰক্তহীনতাত ভোগা শিশুৰ সংখ্যা ৪২.৭ শতাংশৰ পৰা ৪৬ শতাংশৰ ভিতৰত আৰু অৰুণাচল প্ৰদেশত ৫৬.৬ শতাংশ৷ দেশৰ ভিতৰতে কেৰালাত আটাইতকৈ কম শতাংশ শিশু ৰক্তহীনতাৰ চিকাৰ হৈছে৷ কেৰালাত মাত্ৰ ৩৯.৪ শতাংশ শিশুহে ৰক্তহীনতাত ভুগিছে৷ প্ৰতিবেদনখন মতে ২০১৫-১৬ চনত ছমাহৰ পৰা ৫৯ মাহ বয়সৰ শিশুৰ ৩৫.৭ শতাংশ ৰক্তহীনতাত আক্ৰান্ত হৈছিল৷ ২০২০-২১ চনত একেই বয়সৰ শিশুৰ ক্ষেত্ৰত ৬৮.৪ শতাংশ শিশু এনিমিয়াত আক্ৰান্ত হয়, অৰ্থাৎ এই বছৰত আক্ৰান্ত শিশুৰ সংখ্যা দুগুণলৈ বৃদ্ধি পায়৷ মাত্ৰ পাঁচ বছৰৰ ব্যৱধানত অসমত ৰক্তহীনতাত ভোগা শিশুৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পোৱাত চিন্তাৰ বিষয় হৈ পৰিছে৷ ৰাজ্যখনৰ বাবে এয়া এক উদ্বেগজনক খবৰ হিচাপে বিবেচিত হোৱা পৰিলক্ষিত হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here