১ কেজি চাহৰ দাম ১ লাখ টকা : ক’ত? Rs 1 lakh for one kg of tea! Where?

0
1332
ডিব্ৰুগড়স্থিত মনোহাৰী চাহ বাগিচাৰ ‘মনোহাৰী গ’ল্ড টী’ পুনৰ চাহ নিলাম কেন্দ্ৰত অভিলেখ মূল্যত বিক্ৰী হয়৷ গুৱাহাটী চাহ নিলাম কেন্দ্ৰত হোৱা নিলামৰ দৰত মনোহাৰী গ’ল্ডৰ এক কেজিৰ দৰ ৯৯,৯৯৯.০০ টকালৈ উঠে৷ বাগিচা কতৃৰ্পক্ষই প্ৰস্তুত কৰি উলিওৱা এক কেজি মনোহাৰী গ’ল্ড টী ৯৯,৯৯৯.০০ টকাৰ অভিলেখ দৰত সৌৰভ টী ট্ৰেডাৰ্ছে ক্ৰয় কৰা বুলি জানিব পৰা গৈছে৷ বাগিচাখনৰ স্বত্বাধিকাৰী ৰাজেন লোহিয়াই জনায় যে আমি উৎফুল্লিত ৷ ২০১৮ চনৰ পৰা চতুৰ্থবাৰৰ বাবে মনোহাৰী গ’ল্ড টীয়ে অভিলেখ দৰত বিক্ৰী হৈ ইতিহাস ৰচনা কৰিলে ৷ আমি কিছুমান বিশেষ গ্ৰাহকৰ বাবে এনে প্ৰিমিয়াম গুণসম্পন্ন চাহ প্ৰস্তুত কৰোঁ ৷ অভিলেখ দৰত চাহ বিক্ৰীয়ে অসমৰ চাহৰ মান বিশ্বৰ দৰবাৰত পুনৰ সুনাম কঢ়িয়াব বুলি তেওঁ কয় ৷ এই চাহৰ বহু স্বাস্থ্যসন্মত গুণো থকা বুলি লোহিয়াই জানিবলৈ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here