ৰাজ্যত মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ সৰ্বাধিক : কাৰ এই তথ্য? Rate of crime against women highest in State: whose information?

0
1305
ৰাজ্যখনত প্ৰতিদিনে গড়ে পাঁচটাকৈ শিশু যৌন নিৰ্যাতনৰ বলি হয়৷ এই চাঞ্চল্যকৰ তথ্য সংসদত প্ৰকাশ কৰিছে খোদ কেন্দ্ৰীয় চৰকাৰে ৷ শিশুৰ ওপৰত দেশৰ বিভিন্ন প্ৰান্তত চলি থকা নিৰ্যাতনৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ বিভাগৰ ৰাজ্য মন্ত্ৰী অজয় কুমাৰ মিশ্ৰই লোক সভাত প্ৰকাশ কৰা মতে, যোৱা তিনিটা বৰ্ষত ৰাজ্যখনত মুঠ ৪৯৯৬টা শিশুৰ ওপৰত যৌন নিৰ্যাতন চলোৱা গোচৰ ৰুজু হৈছে৷ ইয়াৰে ভিতৰত ২০১৭ চনত সংঘটিত এনে ঘটনাৰ সংখ্যা হৈছে ১৭২১টা ৷ আনহাতে ২০১৮ চনত ১৭৭৯টা আৰু ২০২০ চনত সংঘটিত এনে ঘটনাৰ সংখ্যা হৈছে ১৪৯৬টা ৷ ৰাজ্যখনত শিশুৰ ওপৰত চলা যৌন নিৰ্যাতনৰ এই সংখ্যাই এতিয়া সকলোৰে চকু কপালত তুলিছে৷ কিয়নো কিছুদিনৰ পূৰ্বে প্ৰকাশিত নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ চমুকৈ NCRB-ৰ প্ৰতিবেদনত মহিলাৰ বিৰুদ্ধে অপৰাধৰ তালিকাত দেশৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিছিল অসমে ৷ NCRB-ৰ প্ৰতিবেদন অনুসৰি অসমত মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ দেশৰ ভিতৰত সৰ্বাধিক (১৫৪.৩) ৷ তথ্য অনুসৰি, ২০২০ চনত অসমত অপৰাধৰ বলি হৈছিল ৪,৩৫২গৰাকী মহিলা ৷ উদ্বেগজনক বিষয়টো হৈছে মহিলাৰ বিৰুদ্ধে অপৰাধৰ গোচৰ নিষ্পত্তি কৰাৰ ক্ষেত্ৰত অসম আৰক্ষীৰ ব্যৰ্থতাও NCRB-ৰ প্ৰতিবেদনত বৃহৎভাৱে প্ৰতিফলিত হৈছিল৷ ২০২০ চনত মহিলাৰ বিৰুদ্ধে অপৰাধৰ মাত্ৰ ৬৩.৮ শতাংশ গোচৰত অভিযোগনামা দাখিল কৰিবলৈ সক্ষম হৈছিল আৰক্ষী ৷ NCRB-ৰ প্ৰতিবেদনক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছতেই এইবাৰ লোক সভাৰ মজিয়াত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ শিশুসকল যৌন নিৰ্যাতনৰ বলি হোৱাৰ সন্দৰ্ভত প্ৰকাশ কৰা তথ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here