১৫ ফেব্ৰুৱাৰীৰ পৰা ক’ভিডৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

0
367

ৰাজ্যত ক’ভিডৰ সংক্ৰমণ যথেষ্ট হ্ৰাস পাইছে৷ সম্প্ৰতি উদ্বেগৰ কাৰণ নাই৷ ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত ক’ভিডৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে আগন্তুক এপ্ৰিলপৰ্যন্ত অসমত কেইবাটাও নিৰ্বাচন আছে৷ হাইস্কুল শিক্ষান্ত আৰু উচ্ছতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাও আছে৷ সেয়ে অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যত ক’ভিড সম্পৰ্কীয় সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ সেইদিনাৰ পৰা স্কুল-কলেজো সম্পূৰ্ণৰূপে খুলিব আৰু নৈশ সান্ধ্য আইনো নাথাকিব৷ কেৱল সকলোৰে বাবে মাস্ক আৰু ছেনিটাইজাৰ লগত ৰখাটো বাধ্যতামূলক হ’ব৷ আনহাতে অধিকাংশ ক্ষেত্ৰতে দুয়োপালি ভেক্‌চিন লোৱাৰ কথা আহিব বুলি মুখ্যমন্ত্ৰীজনে স্পষ্ট কৰে৷ কিন্তু পৰীক্ষাৰ পূৰ্বে দুয়োপালি ভেকচিন লোৱা কাম সম্পূৰ্ণ কৰা হ’ব৷ আনহাতে ক’ভিড বিধি প্ৰত্যাহাৰৰ পাছত বিয়া-সবাহ, সভা-সমিতি বা ৰাজহুৱা অনুষ্ঠান আদি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো কোনো বাধা নাথাকিব৷ কেৱল অনুষ্ঠানবোৰত উপস্থিত থকা লোকসকলে দুয়োপালি ভেকচিন লোৱাটো বাধ্যতামূলক৷ এশ শতাংশ দৰ্শকেৰে চিনেমা হলসমূহো খুলিব পাৰিব৷ শ্বপিং মলসমূহো দুয়োপালি ভেকচিন লোৱা লোকেৰে সম্পূৰ্ণ খুলিব পাৰিব ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত নৈশ সান্ধ্য আইনো সম্পূৰ্ণ প্ৰত্যাহাৰ কৰা হ’ব৷ আনহাতে এইবাৰ ক’ভিডৰ বাবে বহাগ বিহু বন্ধ নহয় যদিও এক নিৰ্ধাৰিত সময়ৰ ভিতৰতহে বিহু অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে অনুমতি দিয়া হ’ব৷ লক্ষণীয় যে ৰাজ্যত কভিড বিধি নাথাকিলেও জনসাধাৰণে মাস্ক আৰু ছেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here