স্পুটনিক লাইট ভেক্‌চিনলৈ অনুমোদন

0
225

ভাৰতীয় ঔষধ নিয়ন্ত্ৰকে ৰাছিয়াৰ এপালিৰ স্পুটনিক লাইট ক’ভিড ভেক্‌চিনৰ ভাৰতত জৰুৰী ব্যৱহাৰত অনুমোদন জনায়৷ ভাৰতৰ ঔষধ মহানিয়ন্ত্ৰক চমুকৈ ডি চি জি আই-এ প্ৰাপ্তবয়স্কৰ মাজত নিয়ন্ত্ৰিত-ব্যৱহাৰৰ অনুমোদন জনোৱা স্পুটনিক লাইট হৈছে নৱমটো ভেক্‌চিন৷ এই সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মণ্ডাৱিয়াই কয় যে এই অনুমোদনে মহামাৰীৰ বিৰুদ্ধে দেশৰ সন্মিলিত যুঁজক অধিক শক্তিশালী কৰিব৷ ভাৰতৰ ভেক্‌চিন অভিযানত ব্যৱহাৰ কৰা ৰাছিয়াৰ দুপালিৰ স্পুটনিক-ভিৰ কম্প’নেণ্ট-১-ৰ সৈতে স্পুটনিক লাইট একেই৷ ভাৰতত এতিয়ালৈকে ১২ লাখ পালি স্পুটনিক-ভি ভেক্‌চিন দিয়া হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here