গাখীৰ আৰু কল একেলগে খোৱাটো উচিতনে ?

0
391

বহুতেই গাখীৰৰ সৈতে কল বা গাখীৰ-চিৰা-কল নাইবা গাখীৰ-কল-ওটচ আদি  একেলগে খাওক৷ আমাৰ মাজত গাখীৰৰ সৈতে কল খোৱাটো অত্যন্ত জনপ্ৰিয় আৰু অতি সহজে পোৱা এবিধ খাদ্য৷ কিন্তু এই দুই দুবিধ উপাদান একেলগে খাদ্য হিচাপে খোৱাটো উচিতনে? নে এই দুবিধ খাদ্য একেলগে খালে শৰীৰৰ কিবা অপকাৰ হয়, সেই বিষয়ে জানো আহক৷

গাখীৰ আৰু কল দুয়োবিধ শৰীৰৰ বাবে খুব পুষ্টিকৰ উপাদান৷ কলত প্ৰচুৰ পৰিমাণে কেলচিয়াম, পটাচিয়াম পোৱা যায়৷ কলে শৰীৰৰ কৰ্মশক্তি বৃদ্ধি কৰে৷ আনহাতে কল খোৱাৰ পাছত বহু সময় ধৰি পেট ভৰ্তি হৈ থাকে৷ কলৰ লগতে বেছিভাগ ফল সন্ধিয়াৰ আগে আগে খোৱাটো ভাল৷ হ’লে হজম বা এচিডিটিৰ সমস্যাই দেখা দিব পাৰে৷
গাখীৰ আমাৰ শৰীৰৰ বাবে অত্যন্ত লাগতিয়াল এবিধ খাদ্য৷ ইয়াত প্ৰ’টিন, ভিটামিন, কেলচিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায়৷ সেয়েহে এই দুবিধ খাদ্য একেলগে সেৱন কৰিলে হজমৰ সমস্যাই দেখা দিব পাৰে৷ আনহাতে দুয়োবিধ খাদ্য দ্ৰব্য একেলগে খোৱাৰ ফলত ইয়াৰ পুষ্টিগুণ নষ্ট হোৱাৰ সম্ভাৱনা থাকে৷
আনহাতে স্বাস্থ্য বিশেষজ্ঞৰ মতে কল আৰু গাখীৰ একেলগে খোৱা অনুচিত৷ কেতিয়াবা খাবলগীয়া হ’লেও প্ৰথমে গাখীৰ সেৱন কৰিব লাগে আৰু তাৰ ২০ মিনিটমানৰ পাছতহে কল খোৱাটো উচিত৷
অন্যহাতে কল আৰু গাখীৰ একেলগে খালে টোপনিৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে৷
কল আৰু গাখীৰ একেলগে খালে শৰীৰৰ ওজন অস্বাভাৱিকভাৱে বৃদ্ধি হ’ব পাৰে৷ হাঁপানি বা শ্বাসজনিত অসুখত ভোগা লোকসকলে কেতিয়াও কল আৰু গাখীৰ একেলগে নাখাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here