১৫ৰ পৰা ৬৫ বছৰৰ লোকৰ বাবে JE ৰোগৰ প্ৰতিষেধক (JE vaccine for people in the 15-65-year age group)

0
378
ৰাজ্যত এতিয়াৰে পৰা ১৫ বছৰৰ পৰা ৬৫ বছৰ বয়সৰ লোকৰ বাবেও উপলব্ধ হ’ল জাপানীজ এনকেফেলাইটিজ ৰোগৰ প্ৰতিষেধক৷ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ১২ অক্টোবৰত ১৫-৬৫ বছৰ বয়স সীমাৰ লোকসকলৰ বাবে জাপানীজ এনকেফেলাইটিজ টিকাকৰণৰ ৰাজ্যজোৰা অভিযান আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ সোণাপুৰৰ জিলা চিকিৎসালয়ত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে এই JE টিকাকৰণ অভিযানৰ শুভাৰম্ভ কৰে৷ উল্লেখ্য যে স্বাস্থ্য বিভাগৰ নিয়মীয়া জাপানীজ এনকেফেলাইটিজ প্ৰতিষেধক অভিযানৰ জৰিয়তে এতিয়ালৈকে ১ বছৰৰ পৰা ১৫ বছৰ ভিতৰৰ শিশু তথা কিশোৰ-কিশোৰীৰ বাবেহে এই প্ৰতিষেধক উপলব্ধ হৈছিল৷ ভাৰত চৰকাৰে ইতিপূৰ্বে পৰীক্ষামূলকভাৱে ১৫ৰ পৰা ৬৫ বছৰ বয়সৰ লোকৰ ক্ষেত্ৰত এই প্ৰতিষেধকৰ সফল প্ৰয়োগ নিশ্চিত কৰাৰ পাছত চলিত বৰ্ষৰ পৰা অসমতো এই বয়সসীমাৰ লোকক JE-ৰ প্ৰতিষেধক প্ৰদানৰ জোৰদাৰ অভিযান চলাবলৈ অনুমতি প্ৰদান কৰে৷ প্ৰতিবছৰত জাপানীজ এনকেফেলাইটিজ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটা মাৰ্চৰ পৰা ছেপ্টেম্বৰৰ সময়ছোৱাত এই প্ৰতিষেধক প্ৰদান কৰা নহয় বাবে স্বাস্থ্য বিভাগে এতিয়া অক্টোবৰৰ পৰা এই টিকাকৰণ অভিযান হাতত লৈছে৷ এই অভিযানৰ জৰিয়তে বিভাগটোৱে সততে JE ৰোগৰ সংক্ৰমণ পৰিলক্ষিত হোৱা ৰাজ্যৰ ৯৯টা উন্নয়ন খণ্ড এলেকাৰ ১.৪৭ লাখ গৰাকী লোকক JE টিকাকৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ এই অভিযান উদ্বোধন কৰি স্বাস্থ্য মন্ত্ৰী মহন্তই ইতিপূৰ্বে এই ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটা এলেকাসমূহৰ জনসাধাৰণক JE টিকা গ্ৰহণেৰে নিজকে জাপানীজ এনকেফেলাইটিজৰ দৰে মাৰাত্মক ৰোগবিধৰ পৰা সুৰক্ষিত কৰিবলৈ আহবান জনায়৷ অনুষ্ঠানত স্বাস্থ্য সেৱা সঞ্চালক (পৰিয়াল কল্যাণ) মুনীন্দ্ৰনাথ নাটেই প্ৰকাশ কৰা মতে ইতিমধ্যে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰা লোকে ২৮ দিনৰ বিৰতিত JE প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব৷ অনুৰূপ JE প্ৰতিষেধক লোৱা লোকেও ২৮ দিনৰ বিৰতিত ক’ভিডৰ প্ৰতিষেধক ল’ব পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here