ভাল খবৰ ! ২ৰ পৰা ১৮ বছৰৰ শিশুৰ বাবে ক’ভিড ভেক্‌চিন

0
337

২ৰ পৰা ১৮ বছৰৰ শিশু-কিশোৰ-কিশোৰীৰ বাবে ভাৰত বায়’টেকে প্ৰস্তুত কৰা কভিড-১৯ৰ ভেক্‌চিন কভেক্সিনে বিষয় বিশেষজ্ঞ সমিতি চমুকৈ SECৰ অনুমোদন লাভ কৰিছে৷ এই অনুমোদনৰ ভিত্তিত ভাৰতৰ ঔষধ মহানিয়ন্ত্ৰক চমুকৈ DPCI-এ চূড়ান্ত অনুমোদন জনাব৷ মহানিয়ন্ত্ৰকে ২-১৮ বছৰীয়া শিশু-কিশোৰ-কিশোৰীৰ কভিড-১৯ ভেক্‌চিনৰূপে কভেক্সিনক জৰুৰীকালীন ব্যৱহাৰৰ মঞ্জুৰি দিয়াৰ পাছত ই হ’ব এই বয়সৰ শিশু, কিশোৰ-কিশোৰীৰ বাবে অনুমোদিত দ্বিতীয় ভেক্‌চিন৷ ডি জি চি আয়ে ইয়াৰ আগতে ১২ বছৰৰ ওপৰৰ শিশু-কিশোৰ-কিশোৰীৰ বাবে জায়ডাছ কেডিলাৰ DNA ভিত্তিক ভেক্‌চিন ZyCoV-D-ৰ অনুমোদন জনাইছিল৷ যোৱা মে’ত শিশুৰ ওপৰত পৰীক্ষাৰ অনুমোদন পোৱাৰ পাছত হায়দৰাবাদত জীৱ-প্ৰযুক্তি কোম্পানী বায়’টেকে ২-১৮ বছৰীয়া শিশু-কিশোৰ-কিশোৰীৰ ওপৰত কৰা ভেক্‌চিনৰ পৰীক্ষাৰ তথ্য ৬ অক্টোবৰত DCGI-ক অৰ্পণ কৰিছিল৷ কভেক্সিনৰ এই পৰীক্ষাৰ প্ৰধান গৱেষক-নিৰীক্ষক অল ইণ্ডিয়া মেডিকেল ছায়েন্সেজ বা এইম্‌ছৰ অধ্যাপক সঞ্জয় কুমাৰ ৰায়ে জনায় যে কভেক্সিনৰ পৰীক্ষা তিনিটা বয়সৰ গোটত কৰা হৈছিল৷ পৰীক্ষা কৰা প্ৰথম গোটটো আছিল ১২-১৮ বছৰৰ, দ্বিতীয়টো আছিল ৬-১২ বছৰৰ আৰু তৃতীয়টো আছিল ২-৬ বছৰীয়া৷ তেওঁ দাবী কৰে যে পৰীক্ষাত শিশু-কিশোৰ-কিশোৰীৰ মাজত প্ৰাপ্তবয়স্কৰ দৰেই একে পৰ্যায়ৰ সুৰক্ষা আৰু প্ৰতিৰোধ ক্ষমতাৰ জন্ম দেখিবলৈ পোৱা গ’ল৷ উল্লেখ্য যে কভেক্সিন আৰু জায়ডাছ কেডিলাৰ ZyCoV-D-ৰ উপৰি ছিৰাম ইন্‌ষ্টিটিউট অব্‌ ইণ্ডিয়াক ৭-১১ বছৰীয়া শিশুৰ বাবে প্ৰস্তুত কৰা ক’ভিড-১৯ৰ ভেক্‌চিন ন’ভাভেক্সৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ অনুমতি দিয়া হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here