শিশুৰ পুষ্টিহীনতাত মৃত্যু : ক’ত এই কৰুণ ঘটনা ? Tragic death of child due to malnourishment)

0
358
আফগানিস্তানত অনাহাৰত শিশুৰ মৃত্যু হৈছে বুলি স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে জানিবলৈ দিছে৷ ঘোৰ নামৰ প্ৰদেশখনত পৰিপুষ্টিহীনতাৰ বাবে যোৱা ছমাহত অতি কমেও ১৭টি শিশুক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যিসকলৰ পাছত মৃত্যু ঘটে৷ প্ৰদেশখনৰ জনস্বাস্থ্য সঞ্চালক মোল্লা মহম্মদ আহমদীয়ে সংবাদ মাধ্যমক এই কথা জনাইছে৷ অতি কমেও ৩০০ শিশুক ভোকৰ বাবে হোৱা প্ৰতিক্ৰিয়াৰ বাবে চিকিৎসা কৰা হৈছে৷ তেওঁ আৰু জনায় যে দেশখনৰ মধ্য অংশত শ শ শিশু অনাহাৰত ভোগাৰ আশংকা আছে৷ তালিবানে আফগানিস্তান দখল কৰাৰ পাছৰ পৰাই দেশখনত মানৱীয় সংকট গভীৰ হৈ পৰিছে৷ খৰাং, খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি আৰু কৰ্মসংস্থানহীনতাৰ লগতে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ সাহায্য বন্ধ হৈ যোৱাৰ বাবে দেশখনত গভীৰ সংকটে দেখা দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here