১২-১৮ বছৰৰ শিশুক ছেপ্টেম্বৰৰ পৰা জাইডাছৰ ভেক্‌চিন দিয়া হ’ব

0
847
National Expert Group on Vaccine Administrationৰ মুৰব্বী ডাঃ এন কে অৰোৰাই কয় যে ১২-১৮ বছৰ বয়সৰ শিশুসকলক জাইডাছ কোম্পানীৰ কভিড-১৯ ভেক্‌চিন দিয়াৰ কাম ছেপ্টেম্বৰৰ ভিতৰত আৰম্ভ হ’ব৷ তেওঁ লগতে কয় যে জাইডাছৰ ভেক্‌চিনৰ জৰুৰী ব্যৱহাৰৰ বাবে অনুমতি কেইসপ্তাহমানৰ ভিতৰতে দিয়া হ’ব৷ তেওঁ কয় যে তাৰ পাছত কভেক্সিন দিয়া হ’ব৷ ডাঃ অৰোৰাই কয় যে কভেক্সিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা আৰম্ভ হৈছে আৰু ছেপ্টেম্বৰৰ ভিতৰত ভেক্‌চিন দিয়া আৰম্ভ কৰিব পৰা হ’ব বুলি আশা কৰোঁ৷ অক্টোবৰত বা জানুৱাৰী-ফেব্ৰুৱাৰীৰ আগভাগত আমি ২-১৮ বছৰ বয়সৰ শিশুসকলক এই ভেক্‌চিন দিবলৈ সক্ষম হ’ম৷ কিন্তু ১২-১৮ বছৰ বয়সৰসকলৰ বাবে জাইডাছ কেডিলাৰ ভেক্‌চিনৰ পৰীক্ষাৰ তথ্য তাৰ আগতেই পোৱা যাব বুলি তেওঁ কয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here