শালমইনা হ’লে কি কৰা অনুচিত?

0
1489
মুখৰ সৌন্দৰ্যক আঘাত হনা অন্যতম সমস্যা হৈছে শালমইনা৷ শালমইনাই ছালৰ সৌন্দৰ্য নষ্ট কৰাৰ লগতে ছালৰ উজ্জ্বলতাও হ্ৰাস কৰে৷ শালমইনা এনেকুৱা এবিধ ব্যাধি, যি এটাৰ পাছত আন এটাৰ সৃষ্টি কৰি গোটেই ছালখনতে বিয়পি পৰে৷ কিন্তু কিছুমান ক্ষেত্ৰত আমাৰ নিজৰ ভুলৰ বাবেও শালমইনা বিস্তৃত হয়৷ সেয়েহে জানো আহক শালমইনা হ’লে কি কৰা উচিত আৰু কি কৰা অনুচিত৷

(১) শালমইনা হ’লে কেতিয়াও তাক ভাঙি দিব নালাগে৷
(২) শালমইনা হোৱা ছাল কেতিয়াও বেছি গৰম পানীৰে ধোৱাটো উচিত নহয়৷
(৩) শালমইনাৰ ওপৰত কেতিয়াও প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰিব নালাগে৷
(8) অধিক তেল-মছলাজাতীয় খাদ্য, ধূমপান, মাদকদ্ৰব্য, চাহ, কফি আদিৰ সেৱনে শালমইনাক বেছিকৈ প্ৰভাৱিত কৰে৷

How To Treat Your Blind Pimples With Ayurveda? – Vedix


(৬) শৌচ কঠিন হ’লেও শালমইনা বেছিকৈ ওলাব পাৰে৷ সেয়েহে যথেষ্ট পৰিমাণে পানী, আঁহজাতীয় খাদ্য নিয়মীয়াকৈ খালে শৌচ খোলোচা হয়৷
(৭) কেঁচা হালধিৰ ৰস গুৰৰ লগত মিহলি কৰি শালমইনা হোৱা ঠাইত লগালে সুফল পাব পাৰি৷
(৮) গৰম পানীত কাপোৰ তিয়াই শালমইনাৰ ওপৰত সেক লগালে আৰাম পোৱা যায়৷

(৯) জামুগুটি শুকুৱাই মিহিকৈ গুৰি কৰি তাৰ পেষ্ট শালমইনাৰ ওপৰত লগালে শালমইনা সোনকালে শুকায়৷
(১০) গাখীৰ, চকলেট, পাওৰুটী আদিয়ে শালমইনা বৃদ্ধিত অৰিহণা যোগায়৷ সেয়েহে শালমইনাৰ সমস্যাত ভুগি থকাসকলে এনেধৰণৰ খাদ্য পৰিহাৰ কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here