AMCHত ম’বাইল মেডিকেল ভেনত হৃদৰোগীক থ্ৰম্বলাইছিছ

0
1604
ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেল চমুকৈ AMCHত যোৱা ৯ জুলাইত ম’বাইল মেডিকেল ভেনত হৃদৰোগত আক্ৰান্ত হোৱা এজন ৰোগীক সফলতাৰে থ্ৰম্বলাইছিছ কৰা হয়৷ এয়া চৰকাৰী চিকিৎসা খণ্ডত ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম বুলি গণ্য কৰা হৈছে৷ থ্ৰম্বলাইছিছ হ’ল এক থেৰাপী, যাৰ জৰিয়তে হৃদৰোগত আক্ৰান্ত ৰোগীৰ ৰক্ত সিৰাত তেজ জমা হোৱা বা গোট মাৰি তেজ চলাচল প্ৰক্ৰিয়া সুচল কৰা হয়৷ অন্যথা ৰক্ত সিৰাত তেজ গোট মাৰিলে তেজৰ চলাচল বন্ধ হৈ ৰোগীৰ অংগ নষ্ট হোৱাৰ উপৰি মৃত্যুপৰ্যন্ত হ’ব পাৰে৷ এ এম চি এইচৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতীয়ে জনোৱা মতে, এয়া হ’ল ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিছাৰ্চ চমুকৈ আই চি এম আৰ প্ৰদত্ত এক আঁচনি৷ আই চি এম আৰে চিটিস্কেনক ধৰি অন্যান্য পৰীক্ষা কৰিব পৰা এখন অত্যাধুনিক ম’বাইল মেডিকেল ভান ভাৰতবৰ্ষৰ কেইখনমান চৰকাৰী চিকিৎসা প্ৰতিষ্ঠানক প্ৰদান কৰিছে৷ ইয়াৰে এখন এ এম চি এইচক দিছে৷ কোনো ব্যক্তি যদি হৃদৰোগত আক্ৰান্ত হয় তেন্তে তেওঁক তিনি ঘণ্টাৰ ভিতৰত ম’বাইল মেডিকেল ভেনখনলৈ আনি প্ৰয়োজনীয় পৰীক্ষাৰ অন্তত প্ৰয়োজন সাপেক্ষে থ্ৰম্বলাইছিছ কৰা হয়৷ এটা বেজী দি ৰোগীগৰাকীৰ শৰীৰৰ তেজ চলাচল প্ৰক্ৰিয়া স্বাভাৱিক কৰা কাৰ্যকে থ্ৰম্বলাইটিক থেৰাপী বোলা হয়৷ এ এম চি এইচৰ নিউৰ’লজিষ্ট ডাঃ বিনোদ শৰ্মা, ডাঃ অনুপম দত্ত আৰু তেওঁলোকৰ সহকাৰীৰ দলে আজি সফলতাৰে এই কাৰ্য সম্পাদন কৰে৷ ভৱিষ্যতে কভিড পৰিস্থিতি শাম কাটিলে এই ভেনখন ভিতৰুৱা অঞ্চলসমূহলৈ নি ৰোগীৰ চিকিৎসা প্ৰদানত ব্যৱহাৰ কৰিব পৰা যাব বুলি গণ্য কৰা হৈছে৷ ম’বাইল মেডিকেল ভেনখনৰ ভিতৰতে চিটিস্কেনৰ সুবিধা থকাৰ উপৰি টেলিমেডিচিনৰ ব্যৱস্থাও আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here