সৰ্বোচ্চ উষ্ণতা ৪৯.২ ডিগ্ৰী চেলছিয়াছ : ক’ত ?

0
246

প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহে আজি উত্তৰ ভাৰতক দেই পুৰি নিয়ে৷ ভালেমান অংশত উষ্ণতাই পূৰ্বৰ অভিলেখ ভংগ কৰে৷ দিল্লীৰ মুংগেশপুৰত ১৫ মে’ত উষ্ণতা ৪৯.২ ডিগ্ৰী, নাজফগড়ত ৪৯.১ ডিগ্ৰী আৰু ছফদৰজঙত ৪৫.৬ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পায়৷ ১৫ মে’ৰ দিল্লীৰ উষ্ণতাই সকলো অভিলেখ ভংগ কৰে৷ 
প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ বাবে স্বাভাৱিক জীৱন দুৰ্বিষহ হৈ পৰিছে৷ স্প’ৰ্টছ ক’মপ্লেক্স, পালাম, ৰোহতক, লোধী ৰ’ড, আয়া নগৰ, জাফৰপুৰ, গুৰুগ্ৰাম, নয়দা, প্ৰীতমপুৰ, এছ পি এছ ময়ূৰ বিহাৰ আদি ঠাইত উষ্ণতা ৪৮.২ ডিগ্ৰীৰ পৰা ৪৫.৪ ডিগ্ৰীৰ ভিতৰত আছিল৷ 
প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ অৱস্থাৰ বিষয়ে সতৰ্ক কৰি দি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে [আই এম ডি] উত্তৰ-পশ্চিম ভাৰতৰ বাবে ‘অ’ৰেঞ্জ এলাৰ্ট’ [সষ্টম হওক] জাৰি কৰিছে৷ ৰাজস্থানত ১৬ মে’ৰ বাবে ‘ইয়েল্ল’ এলাৰ্ট’ জাৰি কৰা হৈছে৷ 
আনহাতে পঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশ, পূব মধ্য প্ৰদেশ আৰু দিল্লীৰ বাবে ‘অ’ৰেঞ্জ এলাৰ্ট’ জাৰি কৰা হৈছে৷ ৰাজস্থানৰ ঢোলপুৰত কালি উষ্ণতা ৪৮.৫ ডিগ্ৰী চেলছিয়াছ হৈছিল৷ সেইদৰে কালি দিল্লীৰ মুংগেশপুৰত উষ্ণতা ৪৭.২ ডিগ্ৰী চেলছিয়াছ আৰু নাজফগড়ত ৪৭ ডিগ্ৰী চেলছিয়াছ হৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here