অসমে কিহত পালে দেশৰ ভিতৰত দ্বিতীয় স্থান

0
266

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দেশৰ আগশাৰীৰ প্তখন ৰাজ্যৰ স্থানত অসমক ৰাখিবলৈ অহোপুৰুষাৰ্থ কৰাৰ সময়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ৰাজ্যখনলৈ সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে৷ কেন্দ্ৰীয় চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ [পি এম এ ৱাই-জি] ৰূপায়ণৰ ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা দেশৰ পাঁচখন শীৰ্ষ ৰাজ্যৰ ভিতৰত অসম দ্বিতীয় স্থানত আছে৷
দেশৰ ৰাজ্যসমূহৰ ভিতৰত শীৰ্ষ স্থানত থকা ৰাজ্য পাঁচখন হ’ল ক্ৰমে মধ্য প্ৰদেশ, অসম, পশ্চিম বংগ, বিহাৰ আৰু ঝাৰখণ্ড৷ কেন্দ্ৰীয়  গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ মন্ত্ৰী গিৰিৰাজ সিঙে যোৱা বছৰত অসম ভ্ৰমণ কৰাৰ সময়ত বিভাগটোৰ কাম-কাজৰ বিষয়ে আলোচনা কৰিছিল৷ 
ইফালে প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ [পি এম এ ৱাই-জি] ৰূপায়ণৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা দেশৰ ৰাজ্যসমূহৰ ভিতৰত অসমে দ্বিতীয় স্থান লাভ কৰা বাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰn মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here