গৰম পানীৰ সৈতে মৌ পান কৰাটো উচিতনে ?

0
877

স্বাস্থ্য ৰক্ষাৰ বাবে মৌ অত্যন্ত উপকাৰী৷ মৌত থকা এণ্টিঅক্সিডেণ্টে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷ সেয়েহে স্বাস্থ্যৰ উপকাৰৰ বাবে মৌ বিভিন্ন প্ৰকাৰে গ্ৰহণ কৰে৷ নেমুৰ ৰসৰ লগত মৌ মিহলাই খালে শৰীৰৰ ওজন হ্ৰাস পায়, কাহ, চৰ্দি আদি হ’লে মৌ সেৱন কৰিলে উপশম পোৱা যায়৷ বহুতৰে গৰম পানীৰে মৌ খোৱাৰ অভ্যাসো আছে৷ কিন্তু গৰম পানীৰে মৌ সেৱন কৰাটো উচিতনে? গৰম পানীৰ সৈতে মৌ সেৱন কৰিলে শৰীৰৰ কি ঘটিব পাৰে অন্যথা কিবা বিপদ হ’ব পাৰে নেকি? সেই বিষয়ে জানো আহক৷ বিশেষজ্ঞসকলে কোৱা মতে গৰম পানীৰ সৈতে মৌ মিহলাই খালে একধৰণৰ বিষত পৰিণত হয়৷ এইদৰে দুইবিধ খাদ্যদ্ৰব্য মিহলাই সেৱন কৰিলে লগে লগে ইয়াৰ কোনোধৰণৰ প্ৰভাৱ নপৰে যদিও পৰৱৰ্তী সময়ত বিভিন্ন শাৰীৰিক সমস্যাই দেখা দিব পাৰে৷ বিশেষকৈ হজমৰ সমস্যাৰ সৃষ্টি হৈ গুৰুতৰ ৰূপ ল’ব পাৰে৷ ইয়াৰ উপৰি গৰম পানীৰ সৈতে মৌ মিহলাই খালে মৌৰ গুণাগুণ নষ্ট হয়৷ সেয়েহে সাধাৰণ তাপমাত্ৰাৰ পানীৰ সৈতে মৌ খোৱাটো স্বাস্থ্যৰ পক্ষে ভাল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here