সৰ্বাধিক ৩৬ লাখ ২৮ হাজাৰ লিটাৰ গাখীৰ সংগ্ৰহ : কোনে কৰিলে ?

0
909

উত্তৰ-পূৰ্বাঞ্চলত দুগ্ধ উৎপাদনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা জাগীৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে ইতিমধ্যে বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ তথা কৰ্ম সম্পাদনৰ সিদ্ধান্তৰে লয়৷ সমবায়খনৰ সাধাৰণ সভাত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ কথা সদৰী কৰে৷ সমবায়খনৰ অধ্যক্ষ ৰঞ্জীৱ শৰ্মা, লক্ষী মহন্ত, পদুম বৰাইলী, ছবিলাল শৰ্মা, গংগা অধিকাৰী, ধ্ৰুৱ বাজগাই, বাবুল চেত্ৰী, বিমান শৰ্মা প্ৰমুখ্যে বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে৷ সংবাদমেলত ২০১৭ চনতে প্ৰৱৰ্তন কৰা নন্দলাল উপাধ্যায় ৰাজ্যিক কৃষক বঁটা প্ৰদানৰ সিদ্ধান্তৰ কথা সদৰী কৰে৷ একেলগে ২০২০, ২০২১ আৰু ২০২২ বৰ্ষৰ বাবে ৰাজ্যৰ তিনিগৰাকী প্ৰগতিশীল কৃষকক প্ৰদান কৰা হ’ব এই বঁটা৷ ৰাজ্যত গাখীৰৰ দাম বৃদ্ধিৰ সন্দৰ্ভত সীতাজখলাৰ স্থিতিৰ বিষয়েও মন্তব্য কৰে অধ্যক্ষ ৰঞ্জীৱ শৰ্মাই৷ 
গাখীৰ তথা দুগ্ধজাত সামগ্ৰীৰ দাম সংশোধনৰ জৰিয়তে আৰু গো-পালকসকলৰ লাভৰ দিশটোৰ প্ৰতি গুৰুত্ব দি গাখীৰৰ দাম সামান্য বৃদ্ধি হ’ব পাৰে বুলি উল্লেখ কৰে৷ উল্লেখ্য যে ২০২১-২২ বিত্তীয় বৰ্ষত সীতাজখলাৰ গো-পালকসকলৰ পৰা সৰ্বাধিক ৩৬ লাখ ২৮ হাজাৰ লিটাৰ গাখীৰ সংগ্ৰহ কৰি ৰাজ্যৰ দুগ্ধ বিপ্লৱত এক বৃহৎ ভূমিকা গ্ৰহণ কৰিবলৈ  সীতাজখলা সক্ষম হৈছে বুলি জানিবলৈ দিয়ে৷ ৰাইজৰ কঠোৰ সংগ্ৰাম আৰু সহায়-সহযোগিতাৰ বলত ধাৰাবাহিক উন্নয়নৰ দিশে আগবঢ়া সীতাজখলাৰ পৰিয়ালে আৰু অধিক অগ্ৰগতিৰ বাবে চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ ভূমিকা আশা কৰিছে যদিও এইক্ষেত্ৰত চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here