পৃথিৱীৰ দৰে অবিকল গ্ৰহৰ সন্ধান লাভ বিজ্ঞানীৰ !

0
400

পৃথিৱীৰ বাহিৰতো জীৱ আছে নেকি? এই লৈ নিৰন্তৰ গৱেষণা-পৰীক্ষা চলাই আছে বিজ্ঞানী মহলে৷ মহাশূন্যত তাক প্ৰতীয়মান কৰিবলৈ অহৰহ চেষ্টা কৰি থকাৰ মাজতে সেই সন্ধানৰ পথ মুকলি হৈছে৷ কাংক্ষিত সাফল্যৰ পোহৰ দেখিছে বিজ্ঞানীয়ে৷ মহাকাশত পৃথিৱীৰ দৰে অবিকল এটা গ্ৰহৰ সন্ধান লাভ কৰিছে বিজ্ঞানীয়ে৷ কানাডাৰ মনট্ৰিয়েল বিশ্ববিদ্যালয়ৰ নেতৃত্বাধীন এটা আন্তৰ্জাতিক গৱেষকৰ দলে এই বিশেষ গ্ৰহৰ সন্ধান লাভ কৰিছে৷ মহাকাশ বিজ্ঞানীসকলে এই গ্ৰহটোৰ নাম ৰাখিছে টি অ’ আই ১৪৫২ বি বা ছুপাৰ আৰ্থ৷ নাছাৰ এক বিবৃতিত জানিব পৰা গৈছে যে সৌৰমণ্ডলৰ কেইবাটাও উপগ্ৰহৰ সৈতে এই ছুপাৰ আৰ্থৰ বহু মিল আছে৷ বৃহস্পতিৰ উপগ্ৰহ গেনিমিড, কেলিষ্ট তথা শনিৰ উপগ্ৰহ টাইটান, এনজিলাডৰ ভিতৰত এখন মহাসমুদ্ৰ লুকাই আছে বুলি অনুমান কৰা হয়৷ সেই জলৰাশিত আছে বৰফৰ নিচিনা চাপ৷ অনুমান কৰা মতে এই নতুন গ্ৰহটো পৃথিৱীতকৈ বহু ডাঙৰ৷

পৃথিৱীৰ আয়তনকৈ এই গ্ৰহটোৰ আয়তন ৭০ শতাংশ বেছি৷ ইয়াতো পৃথিৱীৰ দৰে গভীৰ সমুদ্ৰ আছে৷ সকলোতকৈ আকৰ্ষণীয় হৈছে এই গ্ৰহটোৰ প্ৰদক্ষিণৰ বৈশিষ্ট্য৷ গ্ৰহটোৰ চাৰিওদিশে একেলগে দুটা নক্ষত্ৰ ঘূৰে৷ আমাৰ পৃথিৱীৰ আলোকবৰ্ষ এই গ্ৰহটোৰ ১০০ আলোকবৰ্ষ দূৰত৷ ছুপাৰ আৰ্থ পৃথিৱীতকৈ পাঁচ গুণ ডাঙৰ৷ বিজ্ঞানীসকলে জনাইছে যে ছুপাৰ আৰ্থৰ ভিতৰত এক বিশাল সমুদ্ৰ আছে৷ সমগ্ৰ পৃথিৱীৰ যিমান পানী আছে, ছুপাৰ আৰ্থৰ মাত্ৰ এক শতাংশ ভৰৰ সমান৷ ছুপাৰ আৰ্থত ১১ দিনত এটা বৰ্ষ সম্পূৰ্ণ হয়৷ কাৰণ এটা নক্ষত্ৰক প্ৰদক্ষিণ কৰিলে এই গ্ৰহটোৰ ১১ দিন সময় লাগে৷

ছুপাৰ আৰ্থত তৰল অৱস্থাত পানী থকাটো সম্ভৱ হৈছে বুলি জনাইছে গৱেষকৰ দলটোৱে৷ আন নক্ষত্ৰৰ চাৰিওফালে এই গ্ৰহটো ঘূৰিবলৈ সময় লাগে এহেজাৰ চাৰিশ বছৰ৷ একশ আলোকবৰ্ষ দূৰত্বৰ এই গ্ৰহত সঁচাকৈয়ে পানী আছে নে নাই, সেই বিষয়ে অধিক জানিবলৈ আৰু পৰ্যবেক্ষণৰ প্ৰয়োজন আছে বুলি বিজ্ঞানী জানিবলৈ দিয়ে৷ একাংশই কৈছে পানীৰ অৱস্থিতি পালেও এই গ্ৰহত জীৱ থকা সম্ভৱপৰ নহয়৷ তেওঁলোকে ধাৰণা কৰিছে যে আদ্যোপান্ত পাথৰে গ্ৰহটিত সামান্য হাইড্ৰজেন বা হিলিয়াম থাকিবও পাৰে৷ জেমছ ৱেব স্পেচ টেলিস্কোপৰ সহায়ত এই গ্ৰহটোৰ বিষয়ে আৰু অধিক তথ্য লাভ কৰিব পৰা যাব বুলি বিজ্ঞানীসকলে সদৰী কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here