অবিশ্বাস্য হ’লেও সত্য ! এটা চেং মাছৰ দাম ২০ হাজাৰ টকা

0
233

অসমত খাল, বিল, নদীত নানা প্ৰজাতিৰ থলুৱা মাছ পোৱা যায়৷ কাৱৈ, গৰৈ, চেঙেলী, খলিহনা, দৰিকণা, পুঠি আদি নানা সুস্বাদু মাছেৰে সমৃদ্ধ অসম ৰাজ্য৷ এইদৰে পোৱা হৰেম প্ৰজাতিৰ মাছবোৰে সহজে পোৱা যায় আৰু ইয়াৰ দমো অতি কম৷ কিন্তু এইখন অসমতে সহজে পোৱা মাছক উন্মোচিত হৈছে আন এক অন্ধবিশ্বাস৷ অসমৰ নৈ, জান-জুৰিত পোৱা চেং মাছৰ এখন ক’লা বজাৰ গঢ় লৈ উঠিছে ৰাজ্যত৷ সততে পোৱা এই চেং মাছৰ ক’লা বজাৰত দাম শুনিছে আপুনি অবাক হৈ পৰিব৷ ৰাজ্যত প্ৰথমবাৰৰ বাবে এই ভয়ংকৰ ক’লা বজাৰৰ কথা পোহৰলৈ আহিছে৷ শুনিলেও আচৰিত যে এটা চেং মাছৰ ক’লা বজাৰত দৰ হৈছে বিশ হাজাৰ টকা৷ 
এই প্ৰজাতিৰ মাছৰ ৰমৰমীয়া ক’লা বেহাৰ কথা ফাদিল কৰিছে কাজিৰঙা বন বিভাগে৷ বন বিভাদে জনোৱা মতে এই চেং মাছৰ চোৰাং বেহা প্ৰথমে ওৰাং ৰাষ্ট˜ীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলত সীমাবদ্ধ আছিল যদিও বৰ্তমান সমগ্ৰ ৰাজ্যতে এই চোৰাং বেহাই বিস্তাৰ লাভ কৰিছে৷ কাজিৰঙা ৰাষ্ট˜ীয় উদ্যান কতৃৰ্পক্ষই এক গোপন খবৰৰ ভিত্তিত জখলাবন্ধাৰ পৰা মাৰৱ আলী নামৰ এটা দুষ্কৃতিকাৰীক  আটক কৰাৰ পাছতে চেং মাছৰ চোৰাং ব্যৱসায়ৰ কথা পোহৰলৈ আহে৷ আটক কৰা দুষ্কৃতিকাৰীজনৰ পৰা ১১ টা চেং মাছ জব্দ কৰে বন বিভাগে৷ জানিব পৰা মতে অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ চেং মাছৰ চোৰাং ব্যৱসায় চক্ৰ সক্ৰিয় হৈছে আৰু ৰমৰমীয়া ক’লা ব্যৱসায় চলাই আহিছে৷ এই চোৰাং ব্যৱসায়ৰ বাবে বৰ্তমান এই চেং মাছৰ বিলুপ্তিৰ পথত বুলিও জানিব পৰা গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here